ৰাইজৰ দলে শত্ৰু কোন মিত্ৰ কোন আজিলৈকে বুজি পোৱা নাই : গৌৰৱ গগৈ

WhatsApp Image 2021 10 27 at 3.14.54 PM

ৰাজীৱ ভৱনত সাংসদ গৌৰৱ গগৈৰ সংবাদমেল ।

নিৰ্বাচনী আয়ুক্তক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া অভিযোগৰ ভিত্তিত আয়োগে মুখ্যমন্ত্ৰীলৈ দিয়া সতৰ্কতামূলক জাননী সন্দৰ্ভত সংবাদমেল সম্বোধন ৷

নিৰ্বাচনী আয়োগে মুখ্যমন্ত্ৰীক এদিনৰ সময় দি কাৰণ দৰ্শোৱাৰ জাননী দিছিল ৷

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰত সন্তুষ্ট নহৈ এই জাননী প্ৰেৰণ কৰিছে ৷

মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক মিছা কথা ক’লে ৷

মৰিয়নী-থাওৰা বাসীক ঠগাৰ দৰে নিৰ্বাচনী আয়োগকো ঠগিব বিচাৰিছিল ৷

হিমন্ত বিশ্ব শৰ্মা ধাৰাবাহিক মিছলীয়া আখ্যা গৌৰৱ গগৈৰ ৷

তেওঁৰ ভাষণত বাড়ম্বাৰ গৰুৰ কথা কৈ থাকে ৷

ৰাজ্যৰ ৰাজনীতি গৰুৰ বজাৰৰ লগত মিলাই পেলাইছে ৷

গৰু কিনাদি বিধায়ক কিনাত লাগিছে ৷

নীতি আয়োগৰ প্ৰতিবেদনত মুখ্যমন্ত্ৰীয়ে কোৱা উন্নয়নৰ স্বৰূপটো উন্মোচন হৈছে ৷

তেওঁলোক তেওঁলোকৰ ঘৰৰ সম্পত্তিক লৈ ব্যস্ত ৷

এইখন চৰকাৰৰ দিনত ৰাজ্যত অপৰাধ বৃদ্ধি পাইছে ৷

অহা পাঁচ বছৰত কোনো চৰকাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হ’ব ৰাজ্যত ৷

এইখন চৰকাৰৰ দিনত ৰাজনীতি নিজৰ ব্যক্তিগত সম্পত্তি বৃদ্ধি কৰাৰ আহিলা হৈ পৰিছে ৷

উন্নয়নৰ বাবে আমি এইখন চৰকাৰৰ লগত পাৰ্টনাৰশ্বিপ কৰিবলৈ সাজু আছো ৷

উপ নিৰ্বাচনত ৰাইজে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভোট দিব ৷

ৰাইজৰ দলে শত্ৰু কোন মিত্ৰ কোন আজিলৈকে বুজি পোৱা নাই ৷

ৰাইজৰ দলে নিজকে নিজেই ধ্বংসৰ দিশে গতি কৰিছে ৷

Exit mobile version