China:প্ৰভাৱ পৰিব পাৰে সীমান্ত ব্যৱস্থাপনাত ,চীনৰ নতুন আইনত উদ্বেগ জনালে ভাৰতে

1635334396 indian army

চীনৰ নতুন স্থল সীমান্ত আইনক লৈ আপত্তি জনালে ভাৰতে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এক লিখিত বিবৃতিত কয়, “নতুন আইন প্ৰণয়নৰ ক্ষেত্ৰত চীনৰ একপক্ষীয় সিদ্ধান্তই বৰ্তমানৰ দ্বিপাক্ষিক সীমান্ত ব্যৱস্থাপনাত প্ৰভাৱ পেলাব পাৰে। সীমান্ত সমস্যাৰ ক্ষেত্ৰত যিবোৰ আমাৰ বাবে চিন্তাৰ কাৰণ। ‘

যোৱা ২৩ অক্টোবৰত চীনৰ নেচনেল পিলছ কংগ্ৰেছৰ স্থায়ী সমিতিয়ে নতুন স্থল সীমান্ত আইনত অনুমোদন জনায়। দেশখনৰ চৰকাৰী সংবাদ সংস্থা জিনহুয়াই জনাইছে, চীনৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা সুৰক্ষিত কৰাৰ উদ্দেশ্য অহা এক জানুৱাৰীৰ পৰা নতুন আইনখন কাৰ্যকৰী হ’ব।

নতুন আইনৰ অনুযায়ী চীনৰ স্থল সীমান্তৰ নিৰাপত্তা পক্ষে ক্ষতিকাৰক পদক্ষেপ চিনাক্ত কৰিলে চুবুৰীয়া দেশৰ স’তে সংঘৰ্ষৰ পথত খোজ কাঢ়িব পিপলছ লিৱাৰেছন আৰ্মী (পিএলএ) । লগতে, এই আইনখনে সীমান্ত অঞ্চলত আন্তঃগাঁথনি, সামাজিক আৰু অৰ্থনৈতিক বিকাশত বিশেষ গুৰুত্ব প্ৰদান কৰে।

ইয়াৰ উপৰিও, আইনখনে চুবুৰীয়া দেশসমূহৰ স’তে আলোচনাৰ ওপৰত আধাৰিত কৰি সীমান্ত সমস্যাৰ দীৰ্ঘম্যাদী সমাধানৰ ব্যৱস্থা কৰিছে।

ভাৰত, ভূটান সহ কেবাখনো দেশৰ স’তে স্থল সীমা চূড়ান্ত হোৱা নাই চীনৰ । পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এলএচি) চীনা সেনাৰ আক্ৰমণাত্মক আচৰণৰ স্মৃতি এতিয়াও সতেজ হৈ আছে।

এই পৰিস্থিতিত,একদলীয় শাসনাধীন চীনৰ কমিউনিষ্ট পাৰ্টীৰ নেতৃত্বত নতুন পদক্ষেপ ‘লক্ষ্য’নতুন দিল্লী বুলি অনুভৱ কৰিছে সামৰিক বিশ্লেষক আৰু কূটনীতিবিদৰ একাংশই।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে নিয়ন্ত্ৰণ ৰেখাত শান্তি স্থাপনৰ উদ্দেশ্যৰ ওপৰত চীনৰ স’তে সহমতৰ ওপৰত ভিত্তি কৰি কেবাটাও দ্বিপাক্ষিক চুক্তি প্ৰট’কল আৰু ব্যৱস্থাপনা কৰা হৈছে। নতুন দিল্লীয়ে আশা কৰিছে যে নতুন আইন প্ৰণয়নৰ বাবে বেইজিংৰ একপক্ষীয় পদক্ষেপ তেওঁলোকৰ বিৰুদ্ধে নহ’ব।

Exit mobile version