জাপানৰ ৰাজকুমাৰী মাক’ৱে প্ৰেমৰ বাবে ৰাজপৰিয়ালৰ স’তে নিজৰ সম্পৰ্কৰ অৱসান ঘটালে । মাক’ৱে কেই ক’মুৰু নামৰ তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকৰ স’তে বিবাহ সম্পন্ন কৰিলে ।
উল্লেখ্য যে ৰাজকুমাৰী মাক’ হৈছে জাপানৰ সম্ৰাটতাৰুহিটুৰ ভতিজী । মাক’ৱে টকিঅ’ৰং ইণ্টাৰনেচনেল খ্ৰীষ্টিয়ান ইউনিভাৰ্ছিটিত অধ্যয়ন কৰাৰ সময়ত কেইৰ স’তে চিনাকি হৈছিল আৰু পাছত দুয়ো প্ৰেমৰ সম্পৰ্কত আবদ্ধ হয় । ২০১৭ৰ ছেপ্টেম্বৰতে কেইৰ স’তে মাক’ৱে বিবাহৰ কথা ঘোষণা কৰিছিল । কিন্তু কেতবোৰ কাৰণত তেওঁ বিবাহ স্থগিত ৰাখিবলৈ বাধ্য হৈছিল ।
জাপানৰ ৰাজ পৰিয়ালৰ নিয়ম অনুসৰি, ৰাজপৰিয়ালৰ সদস্যই সাধাৰণ নাগৰিকৰ স’তে বিবাহ সম্পন্ন কৰিলে ৰাজকীয় মৰ্যাদা হেৰুৱাব লাগে । কেই এজন সাধাৰণ নাগৰিক হোৱা হেতুকে এতিয়ালে পৰা মাক’ৱে ৰাজ মৰ্যাদা অবিহনে সাধাৰণ নাগৰিকৰ দৰে জীৱন যাপন কৰিব লাগিব ।