উজনি অসমৰ দীৰ্ঘতম বাঁহ-কাঠৰ দলংখন মাজুলীৰ চেলেক-ধুনাগুৰিত

তিনি হেজাৰডাল ভুলুকা আৰু জাতি বাঁহ, ১২০০ কেবিৰো অধিক কাঠ ব্যৱহাৰ কৰি নিৰ্মিত দলংখন

IMG 20211028 WA0016

উত্তৰ লক্ষীমপুৰ জিলাৰ স’তে মাজুলী জিলাৰ পোনপটীয়া আৰু চমু যোগাযোগৰ ক্ষেত্ৰত এটাই মাত্ৰ জলপথ হ’ল নামনি মাজুলীৰ চেলেকঘাট আৰু লক্ষীমপুৰ দিশৰ ধুনাগুৰি সংযোগী প্ৰায় আধা কিলোমিটাৰ দৈৰ্ঘৰ ঘাটটো । এই ঘাটটোত বাৰিষা ছমাহ মেচিন নাৱেৰে যাত্ৰীক পাৰাপাৰ কৰাৰ পাছত খৰালি আৰম্ভৰ লগে লগে ঘাটটোৰ দায়িত্বত থকা লেচীয়ে এখন বৃহৎ বাঁহ আৰু কাঠৰ দলং নিৰ্মাণ কৰি যাত্ৰীক পাৰাপাৰৰ ব্যৱস্থা কৰে ।

চলিত বৰ্ষতো ঘাটটোৰ লেচীয়ে স্থানীয় বনুৱা নিয়োগ কৰি ঘাটটোত এখন বাহৰ দলং নিৰ্মাণ কৰি উলিয়াইছে । দলংখন নিৰ্মাণ কৰা ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, দলংখন নিৰ্মাণ কৰোতে ডেৰশজন বনুৱাৰ প্ৰায় ১০ দিন সময়ৰ প্ৰয়োজন হৈছে । দলংখনত তিনি হেজাৰডাল ভলুকা আৰু জাতি বাঁহ আৰু প্ৰায় ১২০০ কিউবিক কাঠৰ প্ৰয়োজন হৈছে । তেওঁলোকে আৰু জনোৱা মতে, এইখনেই হয়তো উজনী অসমৰ নদীৰ ওপৰত থকা দীৰ্ঘতম দলং ।

মিছিং স্বায়ত্ত্বশাষিত পৰিষদৰ অন্তৰ্গত এই ঘাটেৰে মাজুলীৰ ৰাইজে লক্ষীমপুৰলৈ অহা যোৱা কৰি ব্যৱসায় বানিজ্যকে ধৰি অফিচ কাছাৰী কৰি আহিছে । উল্লখযোগ্য যে, অসমমালা আঁচনিৰ অধীনত উক্ত পথটোত চৰকাৰে ৭২০ কোটি টকাৰে দলং নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰি প্ৰাক্ কলন প্ৰস্তুত, চইল টেষ্ট আদি পৰ্যায় অব্যাহত ৰাখিছে যদিও ধান পকে মানে টুনিৰ মৰনৰ দৰে অৱস্থা হৈছে মাজুলী আৰু লক্ষীমপুৰবাসীৰ ।

Exit mobile version