বালিৰাম বড়ো ফুটবল প্ৰতিযোগিতা

ওদালগুৰি জিলাৰ হৰিশিঙা আঞ্চলিক এবছু আৰু হৰিশিঙা ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰে পৰা হৰিশিঙাৰ ৰবি কছাৰী মিনি ষ্টেডিয়ামত ২১ সংখ্যক সৰ্বভাৰতীয় শ্বহীদ বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে । আজি প্ৰতিযোগিতাখন আৰম্ভ কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপদেষ্টা কুসুম কুমাৰ স্বৰ্গীয়াৰীয়ে । ইয়াৰ পূৰ্বে খেলপথাৰ মুকলি আৰু শ্বহীদ বালিৰাম বড়োৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে এবছুৰ ওদালগুৰি জিলাৰ সভাপতি লোহিত বড়োৱে।

প্ৰতিযোগিতাখনিৰ আজি প্ৰথম দিনৰ খেলখন ছানৰাইজ এফচি নাওবন্ধা আৰু ইডেন এফচি ওদালগুৰিৰ মাজত অনুষ্ঠিত হয় । খেলৰ ফলাফলৰ অন্তত ছানৰাইজ এফচিয়ে ৪-২ গলৰ ব্যৱধানত জয়ী হয় ।

আঠটাকৈ শক্তিশালী দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত ফাইনেল খেলখন আগন্তুক চাৰি নৱেম্বৰত অনুষ্ঠিত হ’ব । সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিছে অভ্যৰ্থনা সমিতিৰ হৈ সভাপতি-সম্পাদক ক্ৰমে সঞ্জয় স্বৰ্গীয়াৰী আৰু মাৰ্চেল বসুমতাৰীয়ে ।

Exit mobile version