ছয়গাঁৱৰ বাক্ৰাপাৰাত পখিকুলৰ ওপৰত জীৱ শ্ৰেষ্ঠৰ তাণ্ডৱ

মাংসৰ বাবে বগলী ধৰা দুজন পক্ষী সৰবৰাহকাৰীক ৰাইজে আটক কৰি গটালে বন বিভাগক

পশ্চিম কামৰূপ বন সংমণ্ডলৰ ছাটাবাৰী অঞ্চলৰ বাক্ৰাপাৰাত বিগত কে’বাদিনো ধৰি একাংশ লোকে শীতকালত আগমন হোৱা পক্ষী কুলক অবৈধভাৱে ফান্দ পাতি নিধন কৰি আছিল । বিগত দিনবোৰৰ দৰে আজিও সেই দলটোৱে বাক্ৰাপাৰা অঞ্চলৰ খাল-বিল তথা খেতি পথাৰত ভ্ৰমি থকা “কণা মুচৰী” বগলী চিকাৰ কৰি আছিল । এই বিষয়ে বামুণীগাঁৱৰ ৰেঞ্জাৰ বাপধন মজুমদাৰে জানিব পাৰি বন বিভাগৰ দল এটাক ঘটনাস্থলীলৈ প্ৰেৰণ কৰে ।

অৱশ্যে বন বিভাগৰ লোক যোৱাৰ পূৰ্বে স্থানীয় ৰাইজে চিকাৰী দুজনক আটক কৰি বন কৰ্মীৰ হাতত চমজাই দিয়ে । ইয়াৰ লগতে ঘটনাস্থলীৰ পৰা চিকাৰীয়ে ব্যৱহৃত এ এছ-২৫, বি চি-৪০৬৫ নম্বৰৰ অট’ ভেন এখনৰ লগতে ১১ টা জীৱন্ত বগলী সহিতে কে’বাখনো চৰাই ধৰা ফান্দ জব্দ কৰে । আটক কৰা লোক দুজন ভাউৰাভিঠাৰ ওমৰ আলী আৰু চাম্পুপাৰাৰ চলেমুউদ্দিন আহমেদ বুলি জানিব পৰা গৈছে ।

দীৰ্ঘদিন ধৰি পক্ষী চিকাৰ কৰি আহিছিল ধৃত যুৱক দুজনে । মাংসৰ বাবে এই দুই লোকে এনেদৰে বগলী ধৰি বিক্ৰী কৰিছিল । সম্প্ৰতি বামুণীগাঁৱৰ ৰেঞ্জাৰ বাপধন মজুমদাৰে বগলী চিকাৰী দুজনক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে বগলীকেইটা ন্যায়ালয়ৰ অনুমতি সাপেক্ষে জংঘলত এৰি দিব বুলি জনায় ।

Exit mobile version