মুকেশ অম্বানীৰ আজীৱন উপাৰ্জনৰ ধন এবছৰতে লাভ এলন মাস্কৰ

elon musks ission internet will give cheaper internet than mukesh ambanis jio

চলিত বৰ্ষত বৰ্তমানলৈকে বৈদ্যুতিক ‌গাড়ী নিৰ্মাতা কোম্পানী টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কৰ ১১৭ বিলিয়ন ডলাৰৰ সম্পত্তি বৃদ্ধি পালে । ইফালে, ভাৰতৰ সবাতোকৈ ধনাঢ্য উদ্যোগপতি মুকেশ অম্বানীৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ হৈছে ১০১ বিলিয়ন ডলাৰ । এসময়ত হাতত এখন সাধাৰণ সস্তীয়া গাড়ী ক্ৰয় কৰিবলৈ ধন নাছিল আৰু আজি মাস্ক হৈছে বিশ্বৰ বৃহত্তম গাড়ী কোম্পানীৰ মালিক ।

মুঠ সম্পদ আৰু চলিত বৰ্ষত উপাৰ্জনৰ দিশৰ পৰা সম্প্ৰতি বিশ্বৰ ভিতৰতে প্ৰথম স্থানত আছে মাস্ক । যোৱা সোমবাৰে এদিনতে ভাস্কৰ ৩৬.২ বিলিয়ন ডলাৰ অৰ্থাৎ ২.৭১ লাখ কোটি টকাৰ সম্পত্তি বৃদ্ধি পাইছিল । ব্লুমবাৰ্গ বিলিয়নেৰ্ছ ইনডেক্সৰ ইতিহাসত এয়াই আছিল এদিনত সম্পত্তিৰ সৰ্বাধিক বৃদ্ধি ।

বৰ্তমানে মাস্কৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৮৭ বিলিয়ন ডলাৰ । মাত্ৰ এবছৰতে মাস্কে যি পৰিমাণৰ ধন উপাৰ্জন কৰিলে, সেই পৰিমাণৰ ধনৰ অধিকাৰী হ’বলৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুৰব্বী মুকেশ অম্বানীয়ে আজীৱন ব্যয় কৰিব লগা হ’ল ।

Exit mobile version