আইডিবিআই বেংকৰ এক কোটি টকা ঋণ আত্মসাৎ কৰি গ্ৰেপ্তাৰ ঘোষ ব্ৰাদাৰ্ছৰ স্বত্ত্বাধিকাৰী

WhatsApp Image 2021 10 31 at 2.52.50 PM

আইডিবিআই বেংকৰ এক কোটি টকা ঋণ আত্মসাৎ কৰি ঘোষ ব্ৰাদাৰ্ছৰ স্বত্ত্বাধিকাৰ প্ৰতুল কুমাৰ ঘোষ আৰক্ষীৰ জালত । বেংক কৰ্তৃপক্ষৰ অভিযোগ অনুসৰি, কালি নিশা ভঙাগড়ৰ পৰা ঘোষক গ্ৰেপ্তাৰ কৰিলে পৰিদৰ্শক মনিমোহন কোচৰ নেতৃত্বত যোৱা অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাৰ এটা দলে ।

বিআইইঅ’ৰ ০৫/২০২১ গোচৰত গ্ৰেপ্তাৰ হোৱা ঘোষক আদালতত হাজিৰ । ভুৱা বিত্ত প্ৰতিষ্ঠান স্থাপন কৰি ৭৫ লাখ টকা  আত্মসাৎ কৰা সন্দৰ্ভতো বিআইইঅ’ত গোচৰ ৰুজু হৈ আছে ধৃত ঘোষৰ বিৰুদ্ধে । এই গোচৰতো ঘোষ শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক মনোমোহন বড়োৱে ।

Exit mobile version