এইবাৰ দিপাৱলীত কেৱল ভাৰতীয় সামগ্ৰীৰ বজাৰ ,নাই বিদেশী ফটকা

চীনৰ ৫০হেজাৰ কোটিৰ ক্ষতি

ee291f68 34fd 11eb ba1a dd821f92a475 1635625862322

দেশৰ দীপাৱলীৰ ফটকা ফুলজাৰিৰ বজাৰৰ দৃশ্য ক্ৰমাৎ সলনি হ’বলৈ ধৰিছে। চীনৰ পৰা আমদানিকৃত ফটকা-ফুলজাৰি আলোকসজ্জাৰ পৰিৱৰ্তে দেশীয়ভাৱে নির্মিত এনেবোৰ সামগ্ৰীৰ প্ৰতি আগ্রহ বৃদ্ধি পাইছে ভাৰতৰ বজাৰত।

ফলত এইবাৰ ঠন ধৰি উঠিছে দেশৰ বিভিন্ন প্ৰান্তৰ উৎসৱৰ বজাৰ।শেহতীয়া এক জৰীপে এই কথা প্রতীয়মান কৰিছে। গ্ৰাহক আৰু ব্যৱসায়ী উভয়ে এতিয়া চীনা সামগ্ৰীৰ প্ৰতি আগ্ৰহী নহয়।

ভাৰতীয় বজাৰত মাধমাৰ শোধাই অতি কম মূল্যতে উপলব্ধ চীনা সামগ্ৰীৰ বজাৰখনে সেয়েহে ক্ৰমাৎ গতি হেৰুৱাবলৈ ধৰিছে। এই পৰিপ্ৰেক্ষিততে আত্মনিৰ্ভৰশীলতাৰ দিশলৈ গতি কৰিছে দেশীয়ভাবে প্রস্তুত কৰা উৎসৱৰ বতৰত ব্যৱহৃত সামগ্রী।

মন কৰিবলগীয়া যে আগন্তুক দীপাৱলীৰ বজাৰ ইতিমধ্যে দেশজুৰি ৰমৰমীয়া হৈছে। ক’ভিড পৰিস্থিতিৰ বাবে বিগত বৰ্ষত দীপাৱলী পালন কৰা হোৱা নাছিল যদিও চলিত বৰ্ষত দেশজুৰি ক’ভিড প্ৰট’কলৰ মাজেৰে উদযাপনৰ বাবে সাজু হৈছে ৰাইজ।

এইবাৰ চীনা সামগ্ৰীৰ বৰ্জনৰ ধূম উঠিছে। সেয়েহে ভাৰতত দীপাৱলীৰ পূৰ্বে চীনা সামগ্ৰীয়ে বৃহৎ লোকচানৰ সম্মুখীন হ’ব বুলি ব্যৱসায়ী মহলে সদৰী কৰে। কনফেডাবেছন অব ইন্ডিয়ান ট্রেডাৰ্ছ (টিএআইটি)ৰ মতে চলিত বৰ্ষত চীনা ৰপ্তানি ব্যবসায়ীসকল ৫০ হেজাৰ কোটি টকা পর্যন্ত লোকচানৰ সন্মুখীন হোৱা সম্ভাৱনা প্ৰকট হৈছে।

দেশৰ বজাৰত চীনা সামগ্ৰী বৰ্জনৰ আহ্বানৰ বাবে বিপদত পৰিব এনে সামগ্ৰী ৰপ্তানি কৰা ব্যৱসায়ীসকল। ফলত ভাৰতত উৎপাদিত সামগ্ৰীৰ ভিত্তিত গঢ় লোৱা উদ্যোগ প্রত্যক্ষভাৱে এইবাৰ দীপাৱলীৰ বতৰত লাভৱান হ’ব বুলি আশা কৰা হৈছে।

এক বিবৃতিত ব্যৱসায়ীসকলৰ উক্ত মঞ্চই কয় যে চলিত দীপাৱলীত দেশীয় বজাৰে বৃহৎভাৱে সাৰ-পানী পাব, কিয়নো ভাৰতীয় সামগ্ৰীৰ গ্ৰাহকৰ সংখ্যা বহুগুণে বৃদ্ধি পাবলৈ ধৰিছে।

দীপাৱলীৰ বিক্রীত দেশীয় বজাৰে ঠন ধৰি উঠাৰ ফলত দেশৰ অৰ্থনীতিলৈ দুই লাখ কোটি টকাৰ প্ৰবাহৰ সম্ভাৱনা ব্যক্ত হৈছে। পূৰ্বৰ বছৰৰ দৰে এইবাৰো বাণিজ্য সংস্থাটোৱে চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে আৰু এই কথা নিশ্চিত যে চীন ৫০ হেজাৰ কোটিৰ লোকচানৰ সন্মুখীন হ’ব।

শেহতীয়াভাবে দেখা গৈছে যে দেশৰ আগশাৰীৰ মহানগৰীৰ গ্ৰাহকে চীন সামগ্রী ক্ৰয়ৰ বাবে আগ্রহী নহয়। ফলত ভাৰতীয় সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ সম্ভাৱনা আছে।

শেহতীয়া এক জৰীপ অনুসৰি এই পর্যন্ত দেৱালীৰ ফটকা আৰু অন্যান্য সামগ্ৰীৰ দৰে চীনা সামগ্রী রপ্তানীর পদক্ষেপ লোৱা নাই ভাৰতীয় ব্যবসায়ীসকলে।

দিল্লী, আহমেদাবাদ, বাংলাদেশ, কলকাতা, গুৱাহাটী, চেন্নাই আদিকে ধৰি দেশৰ ২০খন চহৰ নগৰত এই জৰীপ চলোৱা হৈছিল। ৰাখী বন্ধনৰ পৰা আৰম্ভ কৰি নৱবৰ্ষৰ পর্যন্ত উৎসৱৰ বতৰত ভাৰতীয় ব্যৱসায়ীসকলে সাধাৰণতে চীনৰ পৰা ৭০ হেজাৰ কোটিৰ সামগ্রী আমদানি কৰে।

এইবাৰ ইয়াৰ বিপৰীত দৃশ্য দেখা গৈছে। অৱশ্যে অলপতে হৈ যোৱা ৰাখী বন্ধনৰ উৎসৱৰ সময়ত ৰঙা চীনে ভাৰতৰ বজাৰত পাঁচ হেজাৰ কোটি পর্যন্ত লোকচানৰ সন্মুখীন হৈছে আৰু গণেশ চতুর্থীত পাঁচশ কোটিৰ লোকচানৰ সন্মুখীন হৈছে।

দীপাবলীত এই প্রবণতা অব্যাহত থাকিলে এই কথা স্পষ্ট হৈ পৰিব পৰিব যে কেৱল ভাৰতীয় ব্যবসায়ীসকলে নহয় দেশীয় গ্রাহকেও চীনা সামগ্ৰী ক্ৰয়ৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে।

Exit mobile version