বিশ্বনাথ চাৰিআলিত জিন্স পেন্ট পিন্ধাৰ বাবেই এগৰাকী মুছলমান যুৱতীক দুব্যৱহাৰ এজন লোকৰ

বিশ্বনাথ নগৰৰ দৈনিক বজাৰৰ সমীপৰ আয়ুব খান নামৰ লোকজনৰ কন্যাই যোৱা ২৫ তাৰিখে ঘৰৰ কাষৰে ভাৰাতীয়া হিচাপে থকা নুৰুল আমিন নামৰ লোকজনৰ ঘৰৰ পৰা হেডফোন ক্ৰয় কৰিবলৈ গৈছিল।

কিন্তু যুৱতী গৰাকীয়ে হেডফোন ক্ৰয় কৰিবলৈ যোৱা মুহুৰ্তত জিন্চ পেন্ট পৰিধান কৰাৰ বাবেই নুৰুল আমিন নামৰ লোকজনে যুৱতী গৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে যুৱতী গৰাকীক গতিয়াই ঘৰৰ পৰা উলিয়াই দিয়ে।

ইয়াৰ লগতে তেওঁ যুৱতী গৰাকীক কয় ,’মোৰ ঘৰৰ সকলো মহিলাই বোৰ্খা পৰিধান কৰে,হিজাব পৰিধান কৰে।তুমি আমাৰ ঘৰত জিন্স পৰিধান কৰি আহিবলৈ সাহস কত পালা ।’

আনহাতে যুৱতী গৰাকীক এনে দুৰ্ব্যৱহাৰ কৰাৰ সন্দৰ্ভত যুৱতী গৰাকীৰ পিতৃ আয়ুব খানে নুৰুল আমিনক প্ৰশ্ন কৰে।যাৰ বাবে নুৰুল আমিনৰ দুই পুত্ৰ ক্ৰমে ৰফিকুল ইছলাম আৰু ছহিদুল ইছলামে পৰৱৰ্তী সময়ত ৰাস্তাত ধৰি বেয়াকৈ মাৰ ধৰ কৰে।

যুৱতী গৰাকীৰ পিতৃ আয়ুব খানক ৰাস্তাত এনে ধৰণৰ মাৰ ধৰ কৰাৰ বাবে বিশ্বনাথ সদৰ আৰক্ষী থানত এক এজাহাৰ দাখিল কৰে।যাৰ ভিত্তিত বিশ্বনাথ সদৰ থানাই নুৰুল আমিনৰ দুই পুত্ৰক আটক কৰে আৰু আনফালে নুৰুল আমিন নামৰ লোকজনেও বিশ্বনাথ সদৰ আৰক্ষী থানাত আয়ুব খানৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে।

Exit mobile version