সাৱধান ! দীর্ঘসময়ৰ হেডফোন ব্যৱহাৰ কৰে নেকি ?

module 2 back

আজিকালি কাণত হেডফোন লগাই গান শুনাৰ লগতে আন কাম কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে। নিজকে আনৰ দৃষ্টিত অধিক স্মার্ট দেখুৱাবলৈ হেডফোন ব্যৱহাৰৰ মানসিকতাই গা কৰি উঠিছে।

আনকি দীর্ঘসময় ধৰি হেডফোন ব্যৱহার কৰাৰ মানসিকতাও কম বয়সীয়া ল’ৰা-ছোৱালীৰ মাজত গঢ়ি উঠিছে। পিতৃ-মাতৃয়েও সন্তানক অধিক স্মার্ট কৰাব মানসিকতাবে এইবোৰ কিনি দিয়ে। পিছে বেছি সময় হেডফোন ব্যৱহাৰৰ ফলত শৰীৰৰ বিস্তৰ ক্ষতিসাধন হ’ব পাৰে।

★প্রথমে উল্লেখ কৰিব লাগিব যে কাণৰ ভিতৰৰ চাপ আৰু বাহিৰৰ চাপৰ মাজত ভাৰসাম্য ৰক্ষা হ’লেহে শব্দৰ কল্পনাংক কর্ণ পৰ্দাত সঠিকভাৱে আঘাত কৰিব। যেতিয়া কাণত দীর্ঘসময় ধৰি হেডফোন ব্যৱহাৰ কৰা হয় তেতিয়া এই প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে। হেডফোন ব্যৱহাৰৰ সুফল সম্পর্কে সম্প্রতি বিভিন্ন দেশত গৱেষণা আৰম্ভ হৈছে। কাণৰ ভিতৰত ভালদৰে বতাহ চলাচল কৰিব নোৱৰা বাবে ভিতৰত সংক্রমণ বৃদ্ধি হ’ব পাৰে বুলি গৱেষকসকলে মন্তব্য কৰিছে।

★শ্রৱণ শক্তিৰ ওপৰতো প্ৰভাৱ পৰে বুলি বিশেষজ্ঞসকলে মতপোষণ কৰিছে। ৯০ ভেচিবেলৰ ওপৰত যদি শব্দই কর্ণ পৰ্দাত আঘাত কৰে তেতিয়াহ’লে লাহে লাহে শ্ৰৱণশক্তি হ্রাস পাবলৈ ধৰে। আনহাতে, ১০০ ডেচিবেলৱ ওপৰত যদি কোনো লোকে ১৫ মিনিটতকৈ বেছি সময় গান আদি শুনে তেতিয়া হ’লে শ্রবণশক্তিত প্ৰভাৱ পৰাটো নিশ্চিত।

★মস্তিষ্কৰ ওপৰতো প্ৰভাৱ পৰে। কাৰণ হেডফোন ব্যৱহাৰ কৰিলে তড়িৎ চুম্বকীয় তৰংগৰ সৃষ্টি হয়। সেইবাবে বিশেষজ্ঞসকলে হেডফোন দীর্ঘসময় ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। কিছু বছৰ আগলৈকে বয়স্ক লোকৰহে বাত বিষ হয় বুলি ধাৰণা আছিল। জীৱন ধাৰণৰ পদ্ধতি, কর্ম ব্যস্ততা আৰু অত্যধিক চাপৰ সমান্তৰালকৈ এতিয়া কম বয়সীয়া ল’ৰা-ছোৱালীৰো এনে ৰোগ আৰম্ভ হৈছে। এইবোৰ ৰোগ জীৱন শৈলী খাদ্যাভ্যাস আদিৰ ওপৰত নিৰ্ভৰ কৰে। আজিকালি ফাষ্টফুড, জাংকফুড আদি খোৱা শিশুৰ সংখ্যা বেছি। যিমানেই এনে খাদ্য বেছিকৈ খোৱাৰ প্ৰৱণতাই গা কবি উঠিছে সিমানেই মেদবহুল শিশুর সংখ্যাও বৃদ্ধি পাইছে। মেদবহুলতাৰ বাবে পৰোক্ষভাৱে বাতবিষৰ সৃষ্টি হয়।

★সময়ৰ পৰিৱৰ্তনৰ লগে লগে ছাত্র-ছাত্রীৰ ওপৰত অতিবিক্তভাৱে চাপ দিয়াৰ পদ্ধতিও আৰম্ভ হৈছে। বেগৰ বোজা ইমান হৈছে গৈ যে কিছুমান শিশুৱে সিমান ওজন সহাই কৰিব নোৱাৰে। পিঠিৰ অতিরিক্ত কিতাপৰ বেগৰ ওজনৰ বাবেও এতিয়া কম বয়সীয়া ল’ৰা-ছোৱালীৰ এনে সমস্যাই গা কবি উঠিছে।

★আধুনিক জীৱন-যাপনৰ পদ্ধতিৰ বাবে এতিয়া শৈশৱহীন। শিশু অৱস্থাৰ মাজেদি জীৱনৰ গতিপথত খোজ দিছে। শিশু অৱস্থাৰ পৰাই চাপৰ মাজত থাকিবলগীয়া হোৱাত মুকলি মনেৰে ৰং খেলা, খেলা ধূলা আদিৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাত যিবোৰ সংস্যাই গা কৰি উঠিছে সেইবোৰৰ ভিতৰত অন্যতম হ’ল বাতবিষ। অর্থাৎ যি ৰোগ বয়স হোৱাৰ লগে লগে হ’ব লাগিছিল সেইবোৰ এতিয়া অতি কম বয়সতে আৰম্ভ হৈছে ।

★দীৰ্ঘ সময় ধৰি টিভি, কম্পিউটাৰ আদিৰ সন্মুখত বহি থকা শিশুসকলৰ এনে সমস্যাই গা কৰি উঠিব পাৰে।

Exit mobile version