হাত ভৰি কঁপে কিয় ?

woman holding wrist

হাত ভৰি কঁপাৰ সমস্যা বয়সৰ লগে লগে আৰম্ভ হয়। এয়া এক বয়সজনিত ৰোগ বা সমস্যা বুলি কোৱা হয় যদিও ইয়াৰ আঁৰত থাকে বহুতো ৰোগ।

কিছুমান ৰোগৰ বাবে অতি কম বয়সতো হাত ভৰি কঁপে। কিছুমানৰ কলমেৰে লিখিলে অথবা কাঠ পেঞ্চিলেৰে অংকন কৰিলে হাতখন কঁপিবলৈ ধৰে।

কিছুমানে আনকি বেংক আদিৰ চেকতো চহী কৰিব নোৱাৰা হয় একমাত্ৰ হাতখনৰ কঁপনিৰ বাবে। তেনেদৰে খোজ দিওতেও কঁপিবলৈ ধৰে। এনে কঁপনি হোৱাৰ আঁৰত আছে বহুতো ৰোগ। কি কি ৰোগৰ বাবে এনে হয় সেই বিষয়ে ব্যাখ্যা কৰিব লাগিব।

★ মস্তিষ্কৰ চেৰিবেলামৰ কোনো কাৰণত ক্ষতি বা আঘাত হ’লে হাত ভৰি কঁপিবলৈ ধৰে। কাৰণ মস্তিষ্কৰ এই অংশৰ দ্বাৰাই শৰীৰৰ ভাৰসাম্য ৰক্ষা হয়। যদিহে আৰম্ভণিৰ লগে লগে চিকিৎসা কৰা হয় তেতিয়া হ’লে এনে সমস্যাৰ পৰা হাত সাৰিব পাৰি।

★পাৰ্কিনচন ৰোগৰ বাবেও হাত ভৰি কঁপিবলৈ ধৰে। সাধাৰণতে এনে ৰোগ হোৱাৰ পাছত ৰোগীৰ চলন ফুৰণৰ গতি মন্থৰ হৈ পৰে।

★ কেতিয়াবা কিছুমান ঔষধ খোৱাৰ পাছত (দীর্ঘদিন ব্যৱহাৰ কৰিলে) এনে ধৰণৰ কঁপনি আৰম্ভ হোৱাৰ আশংকা থাকে।

★ কিছুমান লোকৰ হাত ভৰি আদি কঁপাৰ ইতিহাস বিশ্লেষণ কৰিলে তেওঁলোকৰ পিতৃ-মাতৃ অথবা ককা-আইতা আদিৰ এই সমস্যা থকাৰ বিষয়ে জানিব পাৰি। অৰ্থাৎ পিতৃ-মাতৃ আদিৰ যদি এনে ৰোগ থাকিলে সন্তানৰো হ’ব পাৰে। এনে হ’লে ‘ফেমিলিয়ে ট্ৰেমৰ’ বুলি কোৱা হয়।কিছুমানৰ হাতৰ বিশেষ ভংগিমাৰ বাবেও এনে ৰোগ দেখা যায়।

★ হাতৰ ভংগিমাৰ বাবেও এনে কঁপনি হয়। লিখিবলৈ আৰম্ভ কৰাৰ লগে লগে আঙুলি অকামিলা হৈ পৰে। এনে হ’লে ‘ৰাইটিং ট্ৰেমৰ’ বুলি কয়।

Exit mobile version