Aryan Khan : ঘৰতে উদযাপন কৰা হ’ব জন্মদিন ‘দুঃসময়ৰ বন্ধুসকলক’ ধন্যবাদ জনাব ‘বাদশ্বাহ’ই

shahrukhkhan 1633753787

পুত্ৰ আৰিয়ান খান ঘৰলৈ উভতি অহাৰ লগে লগে শ্বাহৰুখ খানৰ ভৱনত যেন উৎসৱ মুখৰ পৰিৱেশ ।

ADVERTISEMENT

অৱশেষত শ্বাহৰুখৰ জন্মদিনৰ মাত্ৰ দুদিন আগতেই ঘৰলৈ উভতিল পুত্ৰ আৰিয়ান। অনুৰাগীৰ মহলৰ প্ৰশ্ন : কঠিন সময়ৰ পাছত কি দৰে ‘বাদশ্বাহে’ উদযাপন কৰিব তেওঁৰ এই বিশেষ দিন ?

খান পৰিয়ালৰ ঘনিষ্ঠ এজন ব্যক্তিয়ে জনাইছে যে শ্বাহৰুখে এইবাৰ তেওঁৰ জন্মদিন ঘৰতে উদযাপন কৰিব।১৩ নৱেম্বৰ আৰিয়ানৰ জন্মদিনো ঘৰুতেই উদযাপন কৰা হ’ব।

কিন্তু নাম প্ৰকাশত অনিচ্ছুক কৰা ব্যক্তিজনে কয়, “শ্বাহৰুখে এই বছৰো অনুৰাগীসকলক লগ কৰিব। কঠিন সময়ত কাষত থকাৰ বাবে তেওঁ তেওঁলোকক ধন্যবাদ জনাব ।”

শ্বাহৰুখে তেওঁৰ পুত্ৰৰ গ্ৰেপ্তাৰ হোৱাৰ পাছতে সকলো কাম বন্ধ কৰি দিছিল। আৰিয়ানক জামিন দিয়াৰ লগে লগে ‘বাদশ্বাহ’ কামলৈ উভতি আহিছে। প্ৰযোজকসকলে ব্যক্তিগত কাৰণত আৰু অপেক্ষা কৰিব নিবিচাৰে। গতিকে পুনৰ ‘লাইট-কেমেৰা-একচন’!

Exit mobile version