Gout Pain : ভৰিৰ বুঢ়া আঙুলিৰ বিষ ? ডাঙৰ ৰোগৰ লক্ষ্যণ নহয়টো ?

istockphoto 1181999474 612x612 1

হঠাতে ভৰিৰ বুঢ়া আঙুলিৰ বিষ? জোতা পিন্ধিব পৰা নাই ? খোজ কঢ়াটো কঠিন হৈছে ? এইটো বৰ অস্বাভাৱিক কথা নহয়। এই বিষ বহুতৰে হয়। কিন্তু এই ৰোগক আপুনি সাধাৰণভাৱে নলব । ই হ’ব পাৰে এক চিন্তনীয় বিষয় । বিষ অত্যাধিক হ’লে পৰামৰ্শ লওক চিকিৎসকৰ ।

কি এই বিষ ?

ইয়াক ইংৰাজীত ‘গাউট’বিষ বুলি কোৱা হয়। এই বিষ বিভিন্ন হাড়ৰ সংযোগস্থলীত হ’ব পাৰে। কিন্তু সৰ্বাধিক পৰিমাণৰ বিষ ভৰিৰ বুঢ়া আঙুলিৰ ওচৰত ।

এই বিষ কিয় হয়?

এই বিষ মুখ্যতঃ ইউৰিক এচিডৰ ফলত হ’ব পাৰে। এই এচিডৰ মাত্ৰা শৰীৰত বাঢ়ি গ’লে হাড়ৰ সংগযোগস্থলীত তাৰ নিমখ জমা হৈ থাকে ।সেয়াই এই বিষৰ কাৰণ ।

এইটো কেৱল বিষ, নে ডাঙৰ কিবা ?

এই বিষৰ কাৰণ হৈছে ইউৰিক এচিড বৃদ্ধি। ইয়াক সোনকালে চিকিৎসা কৰিব লাগিব। অন্যথা বিভিন্ন ধৰণৰ সমস্যা হ’ব পাৰে।

★ ইউৰিক এচিডৰ ফলত পাকস্থলীত প্ৰদাহ আৰু ঘা হ’ব পাৰে।

★ লাহে লাহে হাড়ৰ সংযোগস্থলবোৰ বেঁকা কৰিব পাৰে।

★ কিডনিত পাথৰ ইউৰিক এচিডৰ ফলত হ’ব পাৰে।

কেনেদৰে চিকিৎসা কৰিব লাগে?

চিকিৎসকে আপোনাক এই বিষ আৰু ইউৰিক এচিডৰ চিকিৎসা কেনেদৰে কৰিব লাগে ক’ব পাৰে। কিন্তু এই ক্ষেত্ৰত কেইটামান খাদ্য পৰিহাৰ কৰাভাল।

• অত্যাধিক চৰ্বিযুক্ত মাংস
• পালেং শাক
• ফুলকবি
• ইলিছ মাছ
• মিছামাছ
• মাদক দ্ৰব্য

Exit mobile version