Covid19 Vaccine: ক’ৰনাৰ পৰা সুৰক্ষা প্ৰদান কৰে ক’ভেক্সিনে, হু-ৰ পুৰ্বেই ভাৰতীয় টিকাক স্বীকৃতি অস্ট্রেলিয়াৰ

covaxinbharatbiotech ians 9

ভাৰতত প্ৰস্তুত কৰা প্ৰথম ক’ৰনা টিকা ক’ভেক্সিনক অনুমতি প্ৰদান কৰিলে অষ্ট্ৰেলিয়া চৰকাৰে । সোমবাৰে, দেশখনৰ চৰকাৰে জনাইছে যে,১২বছৰৰ অধিক যিসকলে দুটা ক’ভেক্সিন টিকা লৈছে তেওঁলোকৰ অষ্ট্ৰেলিয়া প্ৰৱেশত কোনো বাধা নাই। অষ্ট্ৰেলিয়া পোৱাৰ পাছত তেওঁলোকে আৰু এককভাৱে থাকিব নালালে।

ADVERTISEMENT

অষ্ট্ৰেলিয়া চৰকাৰে টিকা অনুমোদন সংক্ৰান্ত দায়িত্বপ্ৰাপ্ত সংস্থা ‘থেৰাপিউটিক গুডছ এডমিনিষ্ট্ৰেচন (টিডিএ)য়ে এক টুইট বিবৃতিত কয়, “টিডিএ-য়ে শেহতীয়াকৈ ভেকছিনটোৰ বিষয়ে প্ৰাপ্ত তথ্য বিশ্লেষণ কৰিছে আৰু নিশ্চিত কৰিছে যে ভেকছিনে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে।”

অষ্ট্ৰেলিয়া চৰকাৰৰ এই পদক্ষেপে ভাৰতীয় আৰু সেই দেশত কাম কৰা শিক্ষানুষ্ঠানসমূহৰ ভাৰতীয় শিক্ষাৰ্থীসকলক লাভান্বিত কৰিছে।

https://twitter.com/explore/tabs/covid-19?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1455006388418121729%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Faustralia-government-recognises-covaxin-for-travel-without-quarantine-on-arrival-dgtl%2Fcid%2F1311464

প্ৰসংগত,বিশ্ব স্বাস্থ্য সংস্থা (হু)য়ে এতিয়াও জৰুৰী ভিত্তিত ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় অনুমতি পত্ৰ দিয়া নাই ভাৰত বায়োটেক লিমিটেডৰ তৈয়াৰী ক’ৰনা টিকা ক’ভেক্সিনক। তাৰ আগতে, অষ্ট্ৰেলিয়া চৰকাৰৰ অনুমোদন পালে এই টিকা।

যোৱা শুকুৰবাৰে জেনেভাত এখন সংবাদমেল সম্বোধন কৰি ‘হু’ৰ সহকাৰী সঞ্চালক প্ৰধান মাৰিয়ঞ্জিলা চিমাওৱে কয়, “আমি বিশ্বাস কৰোঁ যে ভাৰতীয় ভেকছিন নিৰ্মাণ কাৰী কোম্পানীবোৰ উচ্চ মানদণ্ডৰ ক’ভিড ভেকছিন প্ৰস্তুত কৰিবলৈ সক্ষম। ‘

Exit mobile version