Fumio Kishida : জাপানত জয়ী কিশ্বিদাৰ দল

211004 kishida parlaiment mb 1011

চলিত মাহৰ আৰম্ভণিতে ইয়োশ্বিহিদে ছুগাৰ ঠাইত জাপানৰ প্রধানমন্ত্রী পদত বহিছিল ফুমিয়ো কিশ্বিদাই । কিন্তু দায়িত্ব লাভৰ পাছতেই নির্বাচনৰ আহ্বান জলায় কিশ্বিদাই । আজি দেশৰ পৰৱর্তী প্রধানমন্ত্রী নিৰ্বাচনৰ বাবে ভোট দিলে জাপানৰ জনসাধাৰণে । শাসক দল লিবাৰেল ডেমোক্রেটিক পার্টি (এলডিপি)য়ে পুনৰ জাপানৰ পার্লিয়ামেন্টৰ নিম্ন কক্ষত নিজৰ সংখ্যা গৰিষ্ঠতা বজায় ৰাখিব পাৰিব নে নাই, সেইটোৱে আছিল আটাইতকৈ ডাঙৰ প্রশ্ন । শংকা কৰা হৈছিল, কিশ্বিদাৰ দলে এই নির্বাচনত পৰাজিত হ’লে জাপানত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হ’ব । অৱশ্যে দিনৰ শেষত ভোট গণনা কৰি দেখা গৈছে, কিছু সংখ্যক আসনত সংখ্যা গৰিষ্ঠতা বজায় ৰাখিবলৈ সক্ষম হৈছে কিশ্বিদাৰ দল।

২০২০ত শ্বিনজো আবেই প্রধানমন্ত্রীৰ দায়িত্ব ত্যাগ কৰাৰ পাছৰ পৰা ৰাজনৈতিক অনিশ্চয়তা চলিছে জাপানত । তেওঁৰ ঠাইত প্রধানমন্ত্রী হয় ইয়োশ্বিহিদে ছুগা । কিন্তু পূর্বসূৰী আবেৰ দৰে জনপ্রিয় নাছিল ছুগা । ফলত কেইবছৰমানৰ ভিতৰতে তেওঁক প্ৰত্যাহাৰ কৰি কিশ্বিদাক প্রধানমন্ত্রী পদত অধিস্থিত কৰে তেওঁৰ দলে ।

কিন্তু সায়াও ফলপ্ৰসূ নহয় । উলোটাই কৰ’না অতিমাৰী নিয়ন্ত্ৰণ কৰিবলৈ এই নতুন প্রধানমন্ত্রী চূড়ান্ত ব্যর্থ বুলি অভিযোগ উত্থাপিত হয় দেশজুৰি । ৬৪ বছৰীয়া কিশ্বিদাই অতিমাৰীত বিপর্যস্ত দেশৰ অর্থনীতি সুচল কৰিবলৈ ইতিমধ্যে কে’বা হেজাৰ কোটি ডলাৰৰ পেকেজ ঘোষণা কৰিছে । তৎস্বত্ত্বেও দেশৰ জনসাধাৰণ খুব এটা সন্তুষ্ট নহয় । জনমত সমীক্ষাত ধৰা পৰিছিল এলডিপি-ৰ জনপ্রিয়তা হেৰুৱাৰ ছবি ।

সেয়ে শংকা হৈছিল, বহু আসন হেৰুৱাব পাৰে কিশ্বিদাৰ দলে । সেই শংকা সামান্য সত্যও হৈছে । ভাৰতীয় সময় গভীৰ নিশা পর্যন্ত পোৱা খবৰ অনুযায়ী, এতিয়াও প্ৰায় ৪০খন আসনৰ ফলাফল ঘোষণা বাকী আছে । অৱশ্যে কোমেয়িতোৰ স’তে যুটিয়াভাৱে এলডিপি-য়ে ৪৬৫ আসনৰ নিম্ন কক্ষত ২৭৪টা আসনত জয়ী হৈছে । এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰি ২৪৭টা আসন লাভ কৰিছে কিশ্বিদাৰ দলে । কোমেয়িতোৱে ২৭টা আসন লাভ কৰিছে ।

Exit mobile version