কৰ’না সন্দৰ্ভত চীনক আক্ৰমণ বন্ধ কৰক : আমেৰিকাক বাৰ্তা : বেইজিঙৰ

33eff3c4 9325 47a6 b585

কৰ’না ভাইৰাছৰ উৎস ক’ত ? এই প্ৰশ্নৰ উত্তৰত লৈ চীন বিশ্বৰ বিভিন্ন দেশৰ দ্বাৰা আক্ৰমণৰ বলি হৈ আহিছে। চীনৰ উহানত ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰথম ধৰা পৰা হেতুকে আমেৰিকাই দাবী কৰি আহিছে যে চীনতে এই মাৰাত্মক ভাইৰাছৰ উৎস আছিল।

কিন্তু চীনে দাবী কৰা অনুসৰি তেওঁলোকৰ দেশত নহয়, বৰঞ্চ আমেৰিকাতহে ক’ভিড-১৯ৰ প্ৰথম সংক্ৰমণ ধৰা পৰিছিল। শেহতীয়াভাৱে আমেৰিকাই এক প্রতিবেদনত উল্লেখ কৰি কৈছে যে চীনৰ সহযোগিতা অবিহনে কোনো দিনে ক’ভিড ভাইৰাছৰ উৎস নির্ণয় কৰাটো সম্ভৱ নহ’ব।

আমেৰিকাৰ এই প্রতিবেদনত ক্ষুব্ধ বেইজিঙে প্রতিক্রিয়া প্ৰকাশ কৰি কয় যে আমেৰিকাই এইদৰে চীনলৈ আঙুলি টোঁৱাৰ পূৰ্বে সাৱধান হোৱা উচিত। চীনৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্ৰ উৱাং ৱেনবিনে এক বিবৃতিত কয় যে চীনে যোৱা আগষ্টতে আমেৰিকাৰ উক্ত প্রতিবেদনক কঠোৰভাৱে নিন্দা কৰিছিল।

ৱেনবিনে কয়, ‘আমেৰিকাই যিমানবাৰ প্ৰতিবেদন প্রকাশ নকৰক কিয়, এয়া হৈছে ৰাজনৈতিক আৰু মিথ্যাচাৰ। আমেৰিকাৰ চোৰাংচোৱা বাহিনীক যিদৰে ব্যৱহাৰ কৰা হৈছে, তাৰ পৰাই ৰাজনীতিকৰণৰ স্পষ্ট প্রমাণ লাভ কৰিব পাৰি। আমেৰিকাই চীনক কৰ’না প্ৰসংগত এইদৰে আক্ৰমণ কৰাটো বন্ধ কৰা উচিত।’

Exit mobile version