Joe Biden : পেৰিছ চুক্তি ভংগৰ বাবে ক্ষমা বিচাৰিলে বাইডেনে

1635813852 joe biden

পেৰিছ জলবায়ু চুক্তি ভংগ কৰাৰ বাবে ক্ষমা বিচাৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে । সোমবাৰে গ্লাছগোথ জলবায়ু সন্মিলনত তেওঁ কয়, ‘‘পূৰ্বৰ প্রশাসনৰ এই পদক্ষেপৰ বাবে আমেৰিকাৰ বর্তমান ৰাষ্ট্ৰপতি হিচাপে ম‌ই লজ্জিত ।’’

ৰোমত বিশ্বৰ প্রথম শাৰীৰ ২০খন দেশৰ ‘জি-২০’ অধিবেশন আছিল সপ্তাহান্তত । তাৰ পাছতেই সোমবাৰে গ্লাছগোত আৰম্ভ হ’ল জলবায়ু সন্মিলন । এই সন্মিলনত ১২০খনৰো অধিক দেশৰ ৰাষ্ট্রনেতা, শিক্ষাবিদ, পৰিৱেশ আন্দোলনকাৰীসকলে যোগ দিছে । জলবায়ু সন্দৰ্ভত যাৱতীয় কর্থাবার্তাত ‘চিঅ’পি২৬’-ৰ বিষয়ে আলোচনা কৰিলে জি-২০য়ে । নিৰ্বাচিত কিছু বিষয়ত আলোচনা হয় । বিশ্বত বিপজ্জনক মাত্রাত কার্বন নির্গমনৰ ৮০ শতাংশৰ বাবে দায়ী দেশবোৰে, সকলো সৰু-বৰ দেশৰ স’তে জলবায়ু সমস্যা সমাধানৰ দায়িত্ব ভাগ কৰি ল’ব লাগিব বুলি জনোৱা হয় ।

বিশেষজ্ঞসকলৰ মতে, জি-২০ সন্মিলনত জলবায়ু পৰিৱর্তন সম্পৰ্কত যি কথা আলোচনা কৰা হ’ল, তাত নতুন একো নাই । এই গোষ্ঠীৰ সদস্য দেশসমূহে জনাইছে, আসন্ন বিপর্যয় ৰোধ কৰিবলৈ তেওঁলোকে গড় তাপমাত্রা বৃদ্ধি ১.৫ ডিগ্রী চেলচিয়াছৰ ভিতৰত ৰখাৰ চেষ্টা কৰিব । ২০১৫ত পেৰিছ জলবায়ু চুক্তিতো অৱশ্যে এই কথা দিছিল ৰাষ্ট্রনেতাসকলে । যদিও বাস্তৱত ইয়াৰ ফল প্রতিফলিত নহয় ।

এইবাৰ জি-২০-ৰ আয়োজনত কৰিছিল ইটালীয়ে । উদ্যোক্তা ইটালীৰ প্রধানমন্ত্রী মাৰিঅ’ দ্রাঘিয়ে কয়, ‘‘এটা বিষয় আমি নিশ্চিত কৰিব লাগিব, আমি যি সপোন দেখিছো, সেইটো পূৰণৰ বাবে যেন কামো হয় ।’’ ‘জি-২০’-ত ব্রাজিল, চীন, ভাৰত, জার্মানী, আমেৰিকাৰ দৰে দেশসমূহ অন্তৰ্ভুক্ত । বিশ্বৰ জনসংখ্যাৰ ৬০ শতাংশৰ বাস এই ২০ দেশত । ‘বিষাক্ত’ গ্রীন হাউছ গেছ নির্গমনৰ ৮০ শতাংশ এই দেশবোৰৰ । ৰাষ্ট্ৰসংঘৰ মতে, বিশ্ব উষ্ণায়ন নিয়ন্ত্রণ কৰিব নোৱাৰিলে, ভয়াবহ সমস্যাৰ সন্মুখীন হ’ব বিশ্ববাসী । ইতিমধ্যে তাৰ উমান পোৱা গৈছে । এফালে খৰিং যদি আনফালে বান । ইউৰোপত দাৱানল আৰু কানাডা দহিছে ৪০ ডিগ্রী চেলচিয়াস গৰমত । চলিত বৰ্ষৰ দৰে বৃষ্টি, বান, খহনীয়াৰ সন্মুখীন হোৱা নাই ভাৰতে । ৰাষ্ট্ৰসংঘৰ সতর্কবার্তা, যেনেদৰে জলস্তৰ বাঢ়িছে, সৰ্বপ্ৰথমে তলৰ দেশবোৰ সমুদ্রত ডুব যাব ।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত লোৱা হয় যে – ১) এই শতকৰ ভিতৰতে কার্বন নির্গমন হ্ৰাস কৰাৰ প্রতিশ্রুতি লৈছে ৰাষ্ট্রপ্রধানসকলে । চীন সর্ববৃহৎ কার্বন নির্গমনকাৰী দেশ । তেওঁলোকে ২০৬০ৰ লক্ষ্য লৈছে । ভাৰত, ৰাছিয়াৰ লক্ষ্য ২০৫০ । ২) কয়লাৰ পৰা বিদ্যুৎ উৎপাদন অবিলম্বে বন্ধ কৰাৰ আহ্বান জনোৱা হৈছে । সকলো দেশেই এই সিদ্ধান্তত সন্মতি জনাইছে । কিন্তু ইয়াৰ বাবে কোনো লক্ষ্য স্থিৰ কৰা হোৱা নাই । ৩) দেশবোৰে জীৱাশ্ম ইন্ধনত যি বিপুল পৰিমাণৰ ভর্তুকি দিয়ে, সেয়া বন্ধ কৰাৰ বিষয়টো আলোচনা কৰা হৈছে । কিন্তু ইয়াৰো কোনো ‘লক্ষ্য’ স্থিৰ কৰা হোৱা নাই ।

ভাৰতৰ যোগদানক স্বাগত জনাইছে বৰিছ জনছনে । গ্লাছগোৰ সন্মিলনত উপস্থিত আছিল ব্রিটিছ যুৱৰাজ চার্লছ, ৯৫ বছৰীয়া প্রবীণ ব্রিটিছ সাংবাদিক ছেৰ ডেভিড এটেনবৰ’, ছুইডিছ পৰিৱেশ আন্দোলনকাৰী গ্রেটা থুনবার্গ । এটেনবৰ’ই কয়, ‘‘ম‌ই এইটো জীৱনত পৰিৱেশৰ যি পৰিৱৰ্তন দেখিলো, ইয়াৰ ফল ভুগিব লাগিব ভৱিষ্যত প্রজন্ম‌ই ।’’ জেমছ বণ্ডৰ ছবিৰ প্রসংগ দাঙি ধৰি প্রধানমন্ত্রী জনছনে কয়, ‘‘এইটো কিন্তু কোনো ছবি নহয়, যে শেষ দৃশ্যাংশত অধিনায়কে মাৰধৰ কৰি কৰি সকলোকে শেষ কৰি দিব । ‘ডুমছডে’-ৰ শংকা সত্য ।’’

Exit mobile version