Scam : ঋণ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ প্রাক্তন এছবিআই কৰ্মচাৰী

ex sbi chairman pratip chaudhuri arrested in loan scam case

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্রাক্তন প্ৰধান প্রতীপ চৌধুৰীক ঋণ কেলেংকাৰীৰ অভিযোগেত আজি তেওঁৰ দিল্লীৰ বাসভৱনৰ পৰা গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে । তেওঁক ১৪ দিনৰ বাবে কাৰাবাস দিয়া হৈছে ।

এটা বেচৰকাৰী সংস্থা জয়ছলমেঢ়ত হোটেল তৈয়াৰ কৰিবৰ বাবে ২০০৮ ত এছবিআই-ৰ পৰা ২৪ কোটি টাকা ঋণ লৈছিল । প্রতীপৰ বিৰুদ্ধে অভিযোগ, ঋণ পৰিশোধ কৰিব নোৱাৰাত সেই সংস্থাৰ বাজেয়াপ্ত ২০০ কোটি টকাৰ সম্পত্তি তেওঁ ২৫ কোটি টকাত বিক্রী কৰাৰ সিদ্ধান্ত লৈছিল ।

প্রতীপ চৌধুৰীৰ গ্রেপ্তাৰৰ পাছত ষ্টেট বেংক অৱ ইণ্ডিয়াই জনাইছে, জয়ছলমেঢ়ত হোটেল তৈয়াৰ কৰিবৰ বাবে ২০০৭ত সংস্থাটোক ঋণ দিছিল তেওঁলোকে । কিন্তু তিনি বছৰ ধৰি হোটেলটো তৈয়াৰ কৰা নাই সংস্থাটোৱে । ২০১০ত সংস্থাৰ মালিকৰ মৃত্যু হয় । পাছত ২০১০ৰ জুনত সেই ঋণ এনপিএ-ত পৰিণত হৈছিল । বেংকৰ তৰফৰ পৰা বহু চেষ্টা কৰিও প্রকল্পটো শেষ কৰা সম্ভৱ নহয় বুলি জনাইছে ষ্টেট বেংক অৱ ইণ্ডিয়াই । পাছত ২০১৪ত এলকেমিষ্ট এছেট ৰিকনষ্ট্ৰাকছন কোম্পানিক (এআৰচি) সেই সম্পত্তি বিক্রীৰ সিদ্ধান্ত লৈছিল । এই সম্পত্তি বিক্রীৰ এবছৰ আগতে, ২০১৩ত ষ্টেট বেংকৰ পৰা অৱসৰ লৈছিল প্রতীপে । ২০১৪ত তেওঁ এআৰচি-ত যোগ দিয়ে । এক সংবাদপত্রৰ দাবী, ২০১৭ত বজাৰত সেই সম্পত্তিৰ মূল্য আছিল ১৬০ কোটি টকা । কম মূল্যত সম্পত্তি বিক্রীৰ অভিযোগ উত্থাপন কৰি বেচৰকাৰী সংস্থাটো আদালতৰ দ্বাৰস্থ হৈছিল ।

প্রতীপ চৌধুৰীৰ গ্রেপ্তাৰীক লৈ বিভিন্ন মহলত প্রশ্নও উত্থাপন হৈছে । ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্রাক্তন প্ৰধান ৰজনীশ কুমাৰে আজি এই গ্রেপ্তাৰীক ‘উদ্দেশ্যপ্রণোদিত পদক্ষেপ’ আখ্যা দিছে । তেওঁ কয়, ‘‘সম্পত্তি বিক্রী সন্দৰ্ভত ৰিজার্ভ বেংকৰ নির্দিষ্ট নিয়ম আছে । কেনেদৰে দুর্নীতিৰ প্রশ্ন উত্থাপন হৈছে ?’’

কোনো জাননী তথা চমন অবিহনে প্রতীপ চৌধুৰীক কেনেদৰে গ্রেপ্তাৰ কৰা হ’ল, তাক লৈও প্রশ্ন উত্থাপন কৰিছে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ অৱসৰপ্রাপ্ত এগৰাকী শীর্ষস্থানীয় বিষয়াই । ষ্টেট বেংকৰ এগৰাকী প্রাক্তন কৰ্মচাৰীৰ দাবী, আইনী প্রক্রিয়া অনুসৰি গ্রেপ্তাৰ কৰা হোৱা নাই প্রতীপক । ষ্টেট বেংক অৱ ইণ্ডিয়াই জনাইছে, নিয়ম মানিয়ে সম্পত্তি বিক্রী কৰা হৈছে । অৱশ্যে বিষয়টো সন্দৰ্ভত তদন্তকাৰী সংস্থাক সকলো ধৰণৰ সহযোগিতা কৰাৰ আশ্বাস দিছে বেংকে ।

Exit mobile version