অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচীৰে ভৰিছে নগাঁও জিলা

চৰকাৰী ফাৰ্মাচিষ্টেও অবৈধভাৱে ভাড়াত দিছে নিজৰ প্ৰমাণ পত্ৰ : নীৰৱ ঔষধ পৰিদৰ্শক

24

অবিভক্ত নগাঁও জিলাৰ বিভিন্ন অঞ্চলত বিভাগীয় অনুজ্ঞাপত্ৰ, পঞ্জীয়ন অবিহনেই চলি আছে কে’বা শতাধিক ফাৰ্মাচী । জিলাখনৰ গ্ৰাম্যাঞ্চল আৰু আন সৰু সৰু চহৰৰ কথাটো বাদেই নগাঁও চহৰতেই বিভাগীয় অনুজ্ঞাপত্ৰ অবিহনে চলি আছে শতাধিক ফাৰ্মাচী । নগাঁও জিলা স্বাস্থ্য বিভাগৰ একাংশ বিষয়া, নগাঁও জিলা ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ বিষয়া, একাংশ ঔষধ পৰিদৰ্শকক মেনেজ কৰি এই ঔষধ ব্যৱসায়ী সকলে বিভাগীয় অনুজ্ঞাপত্ৰ অবিহনেই ফাৰ্মাচীসমূহ চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে ।

জিলাখনত যে বিভাগীয় অনুজ্ঞাপত্ৰ, পঞ্জীয়ন অবিহনে কে’বা শতাধিক ফাৰ্মাচী চলি আছে সেই কথা আৰ টি আই তথ্যৰ জৰিয়তে পোহৰলৈ আনিছে । ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ে যোগান ধৰা তথ্যত প্ৰকাশ পোৱা অনুসৰি, অবিভক্ত নগাঁও জিলাত সাত শতাধিক বিভিন্ন ফাৰ্মাচী আছে । কিন্তু অবিভক্ত জিলাখনত সহস্ৰাধিক ফাৰ্মাচী আছে । ইয়াৰ ভিতৰত বহু ফাৰ্মাচীৰেই নাই পৰ্যাপ্ত তথ্য ।

একেদৰে নগৰ জিলা ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, নগাঁও চহৰত মুঠ পঞ্জীভুক্ত অৰ্থাৎ বিভাগীয় অনুজ্ঞাপত্ৰ থকা ফাৰ্মাচীৰ সংখ্যা মাত্ৰ দুই শতাধিক যদিও ইয়াৰ পৰিমাণ বহু বেছি । কিয়নো নগাঁও চহৰত আজিৰ তাৰিখত বিভিন্ন ধৰণৰ ফাৰ্মাচীৰ সংখ্যা তিনিশৰো অধিক হ’ব । নগাঁও ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ তথ্যৰ পৰাই নগাঁও চহৰত যে বিভাগীয় অনুজ্ঞাপত্ৰ অবিহনে শতাধিক ফাৰ্মাচী চলাই আছে, সেইটো স্পষ্ট হৈ পৰিছে ।

স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি, বিভাগীয় পঞ্জীভুক্ত প্ৰতিখন অনুজ্ঞাপত্ৰ থকা ফাৰ্মাচীতে অসম ফাৰ্মাচী কাউঞ্চিলৰ ডিগ্ৰী-ডিপ্লোমাধাৰী ফাৰ্মিচিষ্ট নিযুক্তি দিয়াটো বাধ্যতামূলক । কিন্ত নগাঁও জিলাৰ ঔষধ ব্যৱসায়ীসকলে নিজা ফাৰ্মাচীসমূহত কাগজে-কলমেহে তেন ফাৰ্মাচিষ্ট নিযুক্তি দি চলাই গৈছে ফাৰ্মাচীসমূহ । ৯৫ শতাংশৰো অধিক ফাৰ্মাচীতেই তেওঁলোকে বিভাগীয় নথিত নিযুক্তি দিয়া বুলি উল্লেখ কৰা ফাৰ্মাচীষ্টৰ কোনো অস্তিত্ব বিচাৰি পাবলৈ নাই ।

সূত্ৰ‌ই কয় যে, ফাৰ্মাচীৰ স্বত্বাধিকাৰীসকলে একাংশ ফাৰ্মাচিষ্টক নিজা ফাৰ্মাচীত নিযুক্তি দিয়া দেখুৱাই ব্যৱসায় চলাই থকাৰ বাবদ সেই ফাৰ্মাচিষ্টসকলক প্ৰতিমাহে ২৫-৩০ হেজাৰ টকা পৰ্যন্ত ভাড়াত দিয়াৰ অভিযোগ উঠিছে । এই কথা নগাঁও স্বাস্থ্য বিভাগ আৰু জিলা ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ জ্ঞাত । যিহেতু ঔষধ ব্যৱসায়ীসকলে মাহিলি নিৰ্ধাৰিত ধনৰে জিলা স্বাস্থ্য বিভাগৰ বিষয়া আৰু ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ বিষয়াসকলক মেনেজ কৰি ৰখা হেতুকে এই অনিয়মবোৰ দেখিও চকু মুদা কুলিৰ ভাও ধৰি আহিছে ।

ইপিনে, একাংশ ফাৰ্মাচীত ভুৱা ডিপ্লোমাধাৰী ফাৰ্মাচচিষ্ট নিযুক্তি দি ঔষধৰ ব্যৱসায় চলাই থকাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । প্ৰতিখন ফাৰ্মাচীতে প্ৰতিদিনে ঔষধ বিক্ৰীৰ সময়ত ব্যৱস্থা পত্ৰ চাই দৰৱ পাতি দিবলৈ ফাৰ্মাচিষ্টজন উপস্থিত থকাটো অত্যন্ত জৰুৰী যদিও ৯৫ শতাংশতকৈয়ো অধিক ফাৰ্মাচীতেই কাগজে পত্ৰই নিযুক্তি দি থোৱা ফাৰ্মাচীষ্টৰ ছাঁটোকে দেখিবলৈ পোৱা নাযায় । ফলত কেতবোৰ অনভিজ্ঞ, অৰ্ধ শিক্ষিত যুৱকেই ফাৰ্মাচী সমূহত ঔষধ বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে ।

জিলাখনৰ একাংশ ফাৰ্মাচীত বিভিন্ন চৰকাৰী চিকিৎসালয়ত কৰ্মৰত ফাৰ্মাচিষ্টকেই নীতি বৰ্হিভূতভাৱে নিযুক্তি দি ঔষধৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰো তথ্য পোহৰলৈ আহিছে । কিন্তু চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি, চৰকাৰী চাকৰি কৰি থকা কোনো এজন ফাৰ্মাচিষ্টেই তেওঁৰ অনুজ্ঞাপত্ৰ ফাৰ্মাচী চলাবলৈ কাকো ভাড়াত দিব নোৱাৰে আৰু নিজেও ফাৰ্মাচী খুলি ঔষধৰ ব্যৱসায় চলাব নোৱাৰে । কিন্তু নগাঁৱত এনে নীতি চূড়ান্তভাৱে উলংঘা কৰি একাংশ চৰকাৰী চাকৰিয়ালেও ফাৰ্মাচীৰ বেহা চলাই থকাৰ তথ্য পোহৰলৈ আহিছে ।

এখন ফাৰ্মাচী খুলিবলৈ ১০ বৰ্গ মিটাৰ ব্যাসাৰ্ধৰ এটা কোঠা, এটা ৰেফ্ৰিজেৰেটৰ, অসম ফাৰ্মাচী কাউঞ্চিলৰ পঞ্জীভুক্ত এজন ফাৰ্মাচীষ্ট নিযুক্তি দিয়াটো বাধ্যতামূলক যদিও নগাঁও জিলাত সেই চৰকাৰী নীতি-নিৰ্দেশনা ধোঁৱা চাঙত উঠা পৰিলক্ষিত হৈছে । তদুপৰি ফাৰ্মাচীসমূহে প্ৰতি বছৰে পঞ্জীয়ন কৰাটোও বাধ্যতামূলক । অসম ফাৰ্মাচী কাউঞ্চিলৰ পঞ্জীভুক্ত ফাৰ্মাচীষ্টসকলেও প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে নিজৰ পঞ্জীয়ন নৱীকৰণ কৰাটো বাধ্যতামূলক । কিন্তু বহু ফাৰ্মাচী আৰু ফাৰ্মাচিষ্টে নিজা নৱীকৰণ সময় মতে নকৰি পুৰণা নথিৰেই কাম চলাই থকা পৰিলক্ষিত হৈছে । এইদৰে অধিকাংশ ফাৰ্মাচীসমূহ সম্প্ৰতি মৃত্যুৰ কাৰখানাতহে পৰিণত হৈছে বুলি ৰাইজে অভিযোগ কৰিছে ।

Exit mobile version