“উপ-নিৰ্বাচনৰ দৰে কাৰ্বি আংলঙতো বিজেপিৰ বিজয় ধ্বজা উৰিব” : মংগলছিং তিমুং

বিধানসভা উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁট দলে পাঁচোটা সমষ্টিতে বিপুল ভোটেৰে জয়লাভ কৰাৰ পাছতে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচনত কাৰ্বি আংলঙতো বিজেপিয়ে বিজয় ধ্বজা উৰুৱাব বুলি দৃঢ়তাৰে দাবী কৰে পশ্চিম কাৰ্বি আংলঙৰ জেংখাত অনুষ্ঠিত হোৱা এখন যুটীয়া সভাত ।

চাৰিটাকৈ বিজেপিৰ শক্তি কেন্দ্রৰ বিষয়ববীয়া আৰু নেতা-কৰ্মী উপস্থিত থকা সভাত তিমুঙে ভাষণ প্ৰসংগত কয় যে, কাৰ্বি আংলঙত বিজেপি বিৰোধী একেবাৰে শূণ্য হৈ পৰিছে, সকলোবোৰ বিৰোধী দল একলগ হ’লেও বিজেপিৰ কোনো হানি কৰিব নোৱাৰে ।

লগতে, বিগত পাঁচ বছৰত হামৰেণ পৰিষদীয় সমষ্টিত আৰচঙ-ডেৰাজুৰি কিলিং সংযোগী পকী পথ, হামৰেণ-আৰচঙ সংযোগী পকী পথ, ৰংহিদী-উমহালাংছ সংযোগী পকী পথ, ৰংহিদী-লাংটোকথেপি সংযোগী পকী পথকে ধৰি মুঠ ১৪ টাকৈ পকী পথ নিৰ্মাণ সম্পূৰ্ণ কৰা, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ, পকী দলং নিৰ্মাণ, ৰাজহুৱা প্ৰেক্ষাগৃহ, মুকলি মঞ্চ আদি নিৰ্মাণ, বিশুদ্ধ খোৱাপানী যোগানৰ কথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তিমুঙে সদৰী কৰি সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ বাবে হামৰেণ সমষ্টিবাসীক এতিয়াৰে পৰা মাৰ বান্ধি সাজু হ’বলৈ আহ্বান জনায় । পূৰ্বৰ এ এছ ডি চি-কংগ্ৰেছ চৰকাৰৰ দিনত হামৰেণ সমষ্টিবাসীয়ে উল্লেখিত সুবিধা লাভৰ পৰা বঞ্চিত হৈ আহিছিল, কোনো ধৰণৰ পৰিৱৰ্তনৰ মুখ দেখা নাছিল কিন্তু, বিজেপি চৰকাৰৰ দিনত সমষ্টিবাসীয়ে ব্যাপক পৰিৱৰ্তন দেখিবলৈ সক্ষম হৈছে আৰু উন্নয়ন-বিকাশৰ ছবি দেখিবলৈ পাইছে বুলি দাবী কৰে তিমুঙে ।

মনকৰিবলগীয়া যে, আয়োজিত সভাৰ মজিয়াত আজি ৩০টা পৰিয়ালে এ এছ ডি চি-কংগ্ৰেছ আৰু এ পি এইছ এছ এল চি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে । ইয়াৰ পাছতে সমষ্টিটোৰ কৃষক হিতাধিকাৰীৰ মাজত চৰকাৰী আলুৰ কঠিয়া বিতৰণ কৰে তিমুঙে । অনুষ্ঠিত সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তিমুঙৰ বিপৰীতে হামৰেণ বিজেপি মণ্ডল কমিটীৰ সভাপতি বীৰেন তিচ্ছ, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ পৌৰসভাৰ অধ্যক্ষ বীৰেন তিচ্ছ, কাৰ্বি পৰিষদৰ ব’ৰ্ড অধ্যক্ষ ৰঞ্জিত টেৰণ, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, হামৰেণ সমবায় সমিতিৰ অধ্যক্ষ জয়ছিং ইংতি, বিজেপি নেতা লংছিং ৰংফাৰ, ছেবীয় বে, আৰচঙ ৰংহাং উপস্থিত থাকে ।

Exit mobile version