Gurgon : স্থানীয় বাসিন্দাৰ আপত্তি, গুৰগাঁৱৰ আঠটা স্থানত নমাজৰ অনুমতি বাতিল কৰিলে প্রশাসনে

1635929242 namaz

গুৰগাঁৱত নমাজ পঢ়িবৰ বাবে নির্দিষ্ট ৩৭টা স্থান আছিল । ইয়াৰে আঠটা স্থানৰ অনুমতি বাতিল কৰিলে গুৰগাঁৱৰ স্থানীয় প্রশাসনে । প্রশাসনৰ তৰফৰ পৰা কোৱা হৈছে, ওই স্থানসমূহত নমাজ পঢ়াৰ বাবে স্থানীয় লোকে আপত্তি জনাইছে । যিহেতু স্থানসমূহ কোনো ব্যক্তি মালিকানাৰ নহয়, জনসাধাৰণৰ ব্যৱহাৰৰ বাবে, সেয়ে আপত্তি থকাত ওই স্থানসমূহত নমাজৰ অনুমতি বাতিল কৰিবলগীয়া হৈছে । লগতে জনোৱা হৈছে, বাকী ২৯টা স্থানসমূহক লৈও যদি কোনো আপত্তি আহে, সেই ক্ষেত্রতো অনুমতি বাতিল কৰা হ’ব ।

গুৰগাঁৱৰ স্থানীয় প্রশাসনৰ তৰফৰ পৰা কোৱা হৈছে, ‘যিকোনো মুকলি ঠাইত নমাজ পঢ়িবলৈ স্থানীয় প্রশাসনৰ অনুমতি ল’ব লাগিব । কিন্তু যদি স্থানীয় লোকে এই নমাজত সন্মতি নজনায়, তেনেহ’লে সেই ঠাইত অনুমতি দিয়া নহ’ব ।’ যি স্থানসমূহৰ অনুমতি বাতিল কৰা হৈছে, সেই ঠাইসমূহ হৈছে বেংগলী বস্তি (ছেক্টৰ ৪৯), ডিএলএফ ফেজ থ্রি-ৰ ব্লক ফাইভ, সুৰতনগৰ ফেজ ৱান আৰু ডিএলএফ স্কোৱেৰ টাৱাৰ । ইয়াৰ উপৰি গুৰগাঁও সীমান্তত খেৰকি মাজৰা আৰু দৌলতাবাদ গাঁৱৰ নিকটৱৰ্তী দুটা স্থানত অনুমতি বাতিল কৰা হৈছে ।

এই স্থানসমূহৰ মছজিদ বা দৰগাত বা ঘৰৰ ভিতৰত নমাজ পঢ়িব পাৰিব । কিন্তু দল বান্ধি জনসাধাৰণে ব্যৱহাৰ কৰা ঠাইত নমাজ পঢ়িব নোৱাৰিব । পূৰ্বেই প্রশাসনৰ তৰফৰ পৰা স্পষ্টভাৱে কোৱা হৈছিল কোনো পথ বন্ধ কৰি নমাজ পঢ়িব নোৱাৰিব । নির্দিষ্ট কোনো স্থানত, স্থানীয় বাসিন্দাসকলৰ অনুমতি লৈ নমাজ পঢ়িব পাৰিব । বিগত কেইসপ্তাহ ধৰি নমাজ পঢ়াক লৈ প্রতিবাদ হৈছে গুৰগাঁৱত । কিছুদিন আগতেই ছেক্টৰ ১২-ত নমাজ পঢ়াৰ বিৰুদ্ধে প্রতিবাদ নামে হিন্দুবাদী সংগঠনৰ সদস্যসকল । ঘটনাত অশান্তিৰ সৃষ্টি কৰাৰ বাবে ৩০ জনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে ।

Exit mobile version