Modi in Glasgow:গ্লাছগোত ভাৰতীয়সকলৰ স’তে ড্ৰাম বজালে মোদীয়ে,শিশুসকল আদৰ কৰি জনালে শুভেচ্ছা

1635919593 modi

আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৰোমৰ পৰা গ্লাছগোলৈ যাত্ৰা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ তালৈ গৈ স্কটলেণ্ডত বসবাস কৰা ভাৰতীয়সকলক লগ কৰাৰ লগতে ড্ৰামো বজাইছে। সন্মিলনৰ শেষৰ পাছত মোডীক ভাৰতলৈ উভতি অহা বিমানত উঠাৰ আগতে ড্ৰাম বজোৱা দেখা গ’ল।

সন্মিলনৰ শেষত গ্লাছগোত বিমানবন্দৰলৈ আহিছিল মোদী। সেই সময়ত তেওঁক আদৰণি জনোৱাৰ বাবে ভাৰতীয়সকলৰ এটা দল উপস্থিত আছিল। তেওঁলোকে বিভিন্ন ধৰণৰ সংগীত বজাই উৎসৱৰ পৰিৱেশ সৃষ্টি কৰিছিল।

তেওঁলোকক দেখি মোদী আগবাঢ়ি গ’ল আৰু তাৰ পাছত ড্ৰাম বজায় মন্ত্ৰীগৰাকীয়ে । তাত উপস্থিত ভাৰতীয়সকলৰ স’তে হাত মিলোৱাৰ লগতে শিশুসকলৰ লগত কথা পতাও দেখা গ’ল মোদীক।

আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলনত (চিঅ’পি২৬) ভাৰতৰ দায়বদ্ধতা ঘোষণা কৰে তেওঁ । এই সন্মিলনত উপস্থিত থকাৰ লগতে ব্ৰিটেইন, ইজৰাইল, ইটালী আৰু ফ্ৰান্সৰ দৰে দেশৰ ৰাজ্যিক নেতাসকলৰ স’তে দ্বিপাক্ষিক বৈঠকতো মিলিত হয় মন্ত্ৰীগৰাকী । এই সন্মিলনৰ আগতে ৰোমত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে।

Exit mobile version