Pakistan : প্ৰকল্প ৰূপায়নত ব্যৰ্থ, এডিবি-ক ১০০ মিলিয়ন ডলাৰ জৰিমনা দিলে পাকিস্তানে

905360 761944 jhfg updates

সন্ত্রাসবাদী দমন কৰিব নোৱাৰাৰ বাবে সম্প্রতি আন্তর্জাতিক মঞ্চত যথেষ্ট অস্বস্তিত পৰিবলগীয়া হৈছিল পাকিস্তানে । এইবাৰ আটাইতকৈ বেয়া চৰকাৰ চলোৱাৰ নজিৰ তৈয়াৰ কৰিলে পাকিস্তানে । বিগত ১৫ বছৰ ধৰি একাধিক প্রকল্প ৰূপায়ণ কৰাত ব্যর্থ হৈছে পাকিস্তান । ফলত এছিয়ান ডেভেলপমেন্ট বেংকক ১০০ মিলিয়ন মার্কিন ডলাৰ জৰিমনা ভৰিব লগা হ’ল পাকিস্তানে । নিয়ম অনুসৰি, এছিয়ান ডেভেলপমেন্ট বেংকে নির্দিষ্ট লোন দিয়াৰ বিনিময়ত প্রকল্প ৰূপায়নৰ ক্ষেত্রত নির্দিষ্ট সময়সীমা বান্ধি দিয়ে । সেই নির্দিষ্ট সময়ৰ ভিতৰত প্রকল্প ৰূপায়িত নহ’লে ০.১৫ শতাংশ কমিটমেন্ট চার্জ আৰোপ কৰা হয় ।

সূত্রৰ খবৰ, এডিবিৰ তৰফৰ পৰা জামছ’ৰ পাৱাৰ প্রজেক্টৰ বাবে ৯০০ মিলিয়ন মার্কিন ডলাৰ অনুমোদন কৰা হৈছিল । ২০১৪ত এই বিপুল পৰিমাণৰ অর্থ অনুমোদন কৰা হৈছিল । ২০১৯ৰ ভিতৰত কাৰ্য সম্পন্ন কৰাৰ টার্গেট দিয়া হৈছিল । কিন্তু দেখা যায়, সেই নির্ধাৰিত তাৰিখৰ ভিতৰত প্রকল্প শেষ নহয় । পাছত এডিবি-য়ে পৰিস্থিতি বুজি ৫০ শতাংশৰো কম টকা অর্থ্যাৎ প্রায় ৩১৩ মিলিয়ন মার্কিন ডলাৰ এই প্রকল্পৰ বাবে অনুমোদন কৰে । ইয়াৰ পাছতেই কমিটমেন্ট চার্জ হিচাপে ইছলামাবাদে জৰিমনা দিবলগীয়া হয় ।

কেৱল বিদ্যুৎ প্ৰকল্প‌ই নহয়, স্মার্ট মিটাৰিং প্রজেক্টতো বেয়াকৈ চৰকাৰ পরিচালনাত নজিৰ তৈয়াৰ কৰিছে পাকিস্তানে । ২০১৫-১৬ ত এডিবি-য়ে বিত্ত মঞ্জুৰ কৰিছিল । কিন্তু এই ক্ষেত্রতো পাঁচ বছৰ পাৰ হোৱাৰ পাছতো কামৰ অগ্রগতি বিশেষ নহয় । সূত্রৰ খবৰ ২০০৬ৰ পৰা ২০২১ পর্যন্ত বিগত ১৫ বছৰত প্রায় ১০০ মিলিয়ন মার্কিন ডলাৰ পাকিস্তানক প্রতিশ্রুতিভংগৰ চার্জ হিচাপে পূৰণ কৰিবলগীয়া হৈছে ।

Exit mobile version