Diwali : ভাৰত মাতাৰ ৰক্ষাকৱচ আপোনালোক, পাক সীমান্তত সেনাসকলৰ স’তে দিপাৱলী উদযাপন মোদীৰ

Modi diwali 2

বিগত সাত বছৰ ধৰি ৰীতি-নীতি মানি সীমান্তত গৈ জোৱানসকলৰ স’তে দিপাৱলী উদযাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বন্তি জ্বলাই,নিজৰ হাতেৰে মিঠাই খুৱাই তেওঁলোকক।

বৃহস্পতিবাৰে জম্মু আৰু কাশ্মীৰৰ ৰাজৌৰী ভ্ৰমণ কৰি দিপাৱলী উদযাপনৰ বাবে নওচেৰা চেক্টৰত নিয়োজিত জোৱানসকলৰ স’তে যোগদান কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

ঘটনাক্ৰমে, যোৱা তিনি সপ্তাহ ধৰি সেনাই ৰাজৌৰী আৰু পুঞ্চ জিলাৰ সীমান্তৱৰ্তী অৰণ্যত অনুপ্ৰৱেশ কৰা পাক উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই আহিছে। অভিযানটোত কে’বাজনো সৈনিক নিহত হৈছে।

বৃহস্পতিবাৰে বিষয়টো উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে জোৱানসকলৰ প্ৰদৰ্শন, দায়বদ্ধতা আৰু অনুশাসনক প্ৰশংসা কৰি কয়, “আপোনালোকৰ শক্তিয়ে দেশৰ নিৰাপত্তা নিশ্চিত কৰে। তেওঁৰ কয়, “সেনা জোৱানসকল হৈছে ভাৰত মাতৃৰ নিৰাপত্তা কৱচ ।”

প্ৰধানমন্ত্ৰীয়ে ১৯৪৮ চনত নওচেৰাৰ পাক বাহিনীৰ স’তে হোৱা যুদ্ধত শ্বহীদ হোৱা ব্ৰিগেডিয়াৰ মহম্মদ উছমানকে ধৰি ভাৰতীয় সৈনিকসকলৰ স্মাৰকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ সেনা জোৱানসকলৰ পৰিয়ালৰ কথাও উল্লেখ কৰে।

২০১৪তে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত প্ৰতিটো দিপাৱলীত সেনা বা অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ স’তে অতিবাহিত কৰিছে। তেওঁ সেই বছৰ সৈনিকসকলৰ মনোবল বঢ়াবলৈ চিয়াচেনলৈ গৈছিল। পৰৱৰ্তী বছৰত, তেওঁ ভাৰত-পাক যুদ্ধৰ ৫০ বছৰ স্মৰণ কৰিবলৈ পঞ্জাৱ সীমান্ত ভ্ৰমণ কৰে। তেতিয়াৰ পৰা, মোদীয়ে হিমাচল প্ৰদেশত, কেতিয়াবা জম্মু আৰু কাশ্মীৰৰ গুৰেজত দেৱালী উদযাপন কৰিছে।

যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদীয়ে চীন সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা সেনা আৰু ইণ্ডো-টিবেটান সীমান্ত আৰক্ষীৰ (আইটিবিপি) জোৱানসকলৰ ওচৰলৈ যায়।

নিৰ্বাচনৰ পাছত তেওঁ ২০১৯ চনত ৰাজৌৰীলৈ যায়। প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰ দিপাৱলী উৎসৱৰ বাবে ৰাজস্থান সীমান্তত বিএছএফ আৰু সেনা জোৱানসকলৰ স’তে যোগদান কৰিছিল।

Exit mobile version