এইবাৰ ৰাছিয়াৰ স’তেও ‘টু প্লাছ টু’ আলোচনাৰ ‘মেকানিজম’ তৈয়াৰ কৰিলে ভাৰতে ।
আমেৰিকাৰ নেতৃত্বত ভাৰত মহাসাগৰ আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত কৌশলগত সমন্বয়ৰ বাবে চর্তুদেশীয় জোঁট কোৱাড গঢ়া হৈছে । তাৰ আগৰ পৰাই চলিছে ভাৰত-আমেৰিকাৰ বৈদেশিক মন্ত্রী আৰু প্রতিৰক্ষামন্ত্রী পর্যায়ৰ ‘টু প্লাছ টু’ বৈঠক । ৰাছিয়াই এই বিষয়ত অসন্তোষ্টি প্রকাশ কৰিছে । মস্কো-ৱাশ্বিংটনৰ বিৰোধৰ বাবে কিছু স্তব্ধ হৈ আছে ভাৰতৰ বৈদেশিক নীতি । ভাৰসাম্য আনিবলৈ এইবাৰ নতুন সংযোজন ভাৰত আৰু ৰাছিয়াৰ ‘টু প্লাছ টু’ মেকানিজম ।
নৱেম্বৰৰ মাজভাগত ৰাছিয়াত বৈঠকত মিলিত হ’ব দুই দেশৰ বৈদেশিক মন্ত্রী আৰু প্রতিৰক্ষামন্ত্রী । তাৰ পাছতেই শীর্ষ পর্যায়ত ডিচেম্বৰত অনুষ্ঠিত হ’ব ভাৰত-ৰাছিয়া বার্ষিক সন্মিলন । সূত্রৰ মতে, প্রতিৰক্ষা, বাণিজ্য, বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্রত বহু চুক্তি স্বাক্ষৰ হ’ব সেই সন্মিলনত । ইয়াৰ পূৰ্বে শীর্ষ সন্মিলনত ‘টু প্লাছ টু’ বৈঠকৰ মাধ্যমত ভেটি তৈয়াৰ কৰাৰ কাম কৰা হ’ব ।
আমেৰিকাৰ লগতে জাপান আৰু অষ্ট্ৰেলিয়াৰ স’তেও ভাৰতে ‘টু প্লাছ টু’ বৈঠকত মিলিত হ’ব । এই দুই দেশেই আমেৰিকাৰ মিত্র ৰাষ্ট্র । ৰাছিয়াৰ পৰা উচ্চ পর্যায়ৰ সামৰিক সৰঞ্জাম কিনাৰ ক্ষেত্রত নিষেধাজ্ঞা আছে ৱাশ্বিংটনৰ । দুই দেশৰ মাজত প্ৰতিৰক্ষা পৰ্যায়ৰ এই বিশেষ বৈঠকক লৈ অস্বস্তিৰ সৃষ্টি হ’ব জ’ বাইডেন প্ৰশাসনত । বৈদেশিক মন্ত্রণালয়ৰ মতে, আফগানিস্তানত তালিবান চৰকাৰ অহাৰ পাছত ৰাছিয়াৰ স’তে ‘টু প্লাছ টু’ আলোচনা অত্যন্ত গুৰুত্বপূর্ণ হৈ উঠিব ।