Vinisha Umashankar : গ্লাছগোত দৃষ্টি আকৰ্ষণ কৰিলে বিনিশাই

Who Is Vinisha Umashankar

কয়লাৰে কাপোৰ ইস্ত্রি দিয়া— ভাৰতৰ অলিয়ে-গলিয়ে এই দৃশ্য দেখিবলৈ পোৱা যায় । যাৰ ফলত ভয়াবহভাৱে বায়ু প্ৰদূষিত হয় । সেয়ে বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ এটা সৌৰ চালিত ইস্ত্রি-গাড়ী তৈয়াৰ কৰিছে ১৫ বছৰীয়া এক ভাৰতীয় স্কুল ছাত্রীয়ে । নাম বিনিশা উমাশংকৰ । যিয়ে ব্রিটিছ ৰাজকুমাৰ উইলিয়ামৰ ঘোষিত ‘আর্থছট প্রাইজ’-ৰ চূড়ান্ত তালিকাত স্থান পাইছে । এইবাৰ তেওঁ গ্লাছগোৰ জলবায়ু সন্মিলনত উপস্থিত আছিল । ৰাষ্ট্রনেতাসকলৰ আগত কিশোৰীগৰাকীয়ে কয়, ‘‘পৃথিৱীক ৰক্ষা কৰিবলৈ কিবা কৰিব লাগিব । আপোনালোকে আগবাঢ়ি নাহিলে আমিয়েই যুঁজিম ।’’

তামিলনাডুৰ জীয়ৰী বিনিশা । তেওঁৰ স’তে আর্থছট প্রাইজৰ চূড়ান্ত তালিকাত আছে আন এজন ভাৰতীয়, বিদ্যুৎ মোহন । দুয়োজনেই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ স’তে বৈঠকক যোগ দিয়ে ।

বিনিশাই কয়, ‘’কঠিন প্ৰত্যাহ্বানৰ মুখত আছে পৃথৱী । আমিয়ে (আর্থছট প্রাইজ বিজয়ী তথা ফাইনালিষ্টসকল) কিন্তু সর্বশ্রেষ্ঠ সুযোগ । মানৱ সভ্যতাৰ উদ্ভাৱনী ক্ষমতাক নেতৃত্ব দিম আমি ।’’তেওঁ লগতে কয়, ‘‘আমি কোনো অভিযোগ কৰিব নিবিচাৰো । বৰঞ্চ প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিম, যিয়ে আমাৰ সুস্বাস্থ্য আৰু সম্পদৰ পথ প্ৰশস্ত কৰিব । সহজ নহয়, কঠিন বুলিয়ে এই পথ বাছে লৈছো আমি । এই প্ৰত্যাহ্বানেই আমাৰ প্রজন্মক তৈয়াৰ কৰিব ।’’ বিনিশাই স্পষ্টভাৱে কয়, ‘‘আপোনালোকৰ বাবে আমি অপেক্ষা কৰিব নোৱাৰো । আপোনালোকে এই যুঁজত নেতৃত্ব নিদিলে আমি দিম । আপোনালোকে যদি অতীত আবদ্ধ হৈ থাকে, আমি ভৱিষ্যৎ তৈয়াৰ কৰিম ।’’

প্রতি বছৰে শস্যৰ গুৰি জ্বলোৱাৰ বাবে উত্তৰ ভাৰতত ভয়াবহ বায়ু প্ৰদূষণ হয় । এই শস্যৰ গুৰি নজ্বলাই কেনেদৰে পুনর্ব্যৱহাৰযোগ্য কৰিব পাৰি, তাৰ উপায় বিচাৰি উলিয়াইছে বিদ্যুৎ মোহনৰ সংস্থা ‘টকাচাৰ’এ । তেওঁলোকৰ এই আৱিষ্কাৰ বিজয়ী হৈছে । পুৰস্কাৰ মূল্য ১০ লাখ পাউণ্ড গৱেষণাত সহায়ক হ’ব বুলি জনাইছে বিদ্যুতে ।

Exit mobile version