সৰুপথাৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উদযাপন

সমগ্ৰ ৰাজ্যৰ লগতে সৰুপথাৰৰো বিভিন্ন প্ৰান্তত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক স্মৃতি দিৱস উদযাপন কৰা হৈছে । আজি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধনশিৰি মহকুমা সমিতিৰ উদ্যোগত তথা সৰুপথাৰবাসী ৰাইজৰ সহযোগত সৰুপথাৰ ১নং পদুমণি এম ই স্কুল প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে ড° ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক স্মৃতি দিৱস উদযাপন কৰে ।

কাৰ্যসূচী অনুসৰি তেওঁলোকে প্ৰথমে পতাকা উত্তোলন, শ্বহীদ তৰ্পন আৰু ভূপেন হাজৰিকাক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে । তেওঁলোকে অনুষ্ঠানৰ লগত সংগতি ৰাখি কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত আৰু ভূপেন হাজৰিকাৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰে ।

অনাগত দিনত উঠি অহা নৱ প্ৰজন্মই যাতে মহান ব্যক্তিজনৰ আদৰ্শ, অৱদান আৰু সৃষ্টিৰাজি বজাই ৰাখে সেয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰা আজিৰ অনুষ্ঠানৰ মূল উদ্দেশ্য বুলি জনায় ।

Exit mobile version