কোকৰাঝাৰত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী পালন

Screenshot 232

সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ শিশু উদ্যাণৰ সমীপত যোৱাকালি সন্ধিয়া কোকৰাঝাৰ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু সাংস্কৃতিক সমাজ  আৰু মণিকাঞ্চণ মহিলা সমিতিৰ সহযোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ দশম মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয় ৷

ADVERTISEMENT

এই উপলক্ষে সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিকৃতিতত মাল্যপৰ্ণৰে আৰম্ভ কৰে আমন্ত্ৰিত অতিথি হিচাৱে কোকৰাঝাৰৰ পূৱ বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে ৷

অনুষ্ঠানত মহিলা কাঞ্চন মহিলা সমিতিৰ তৰফৰ পৰা সমবেত সংঙ্গীত আৰু কণ কণ শিশু শিল্পীয়ে পৰিৱেশন কৰা সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ ছন্দে ছন্দে নৃত্য প্ৰদৰ্শণ কৰি কোকৰাঝাৰ চহৰ জীপাল কৰি তোলা পৰিলক্ষিত হয়  ।

Exit mobile version