২০টা লটাৰী টিকট কিনি আটাইকেইটাতে যুৱকে লাভ কৰিলে ৭৪লাখ টকাৰ পুৰস্কাৰ

H24734OLVNCIBLQHMVBLQJG5FA

লটাৰী টিকট ক্রয় কৰাটো বহুতৰে এক অভ্যাস। নিজৰ ভাগ্যক পৰীক্ষা কৰি চাবলৈ বহু লোকে ভাল পায়। এইদৰে লটাৰীৰ টিকট কিনি এই বিশ্বত অগণন লোক নিশাটোৰ ভিতৰতে পুৰস্কাৰ লাভ কৰি লাখ-কোটিপতিত পৰিণত হৈছে।

কিন্তু একেলগে ক্রয় কৰা ২০টা লটাৰী টিকটৰ আটাইকেইটাত পুৰস্কাৰ লাভ কৰাৰ কথা ক’ৰবাত শুনিছে নে? হয়, এনে এক আজব ঘটনা অলপতে সংঘটিত হ’ল আমেৰিকাত।

২০টাকৈ লটাৰী টিকট ক্রয় কৰি আটাইকেইটাতে পুৰস্কাৰ লাভ কৰিলে আমেৰিকাৰ ভার্জিনিয়াৰ নিবাসী উইলিয়াম নিউৱেল নামৰ যুৱক এজনে।

অলপতে ভার্জিনিয়া লটাৰীৰ ২০ টা টিকট ক্রয় কৰিছিল উইলিয়ামে আৰু ফলাফল প্রকাশৰ সময়ত তেওঁ আটাইকেইটা টিকটত পুৰস্কাৰ লাভ কৰাত অবাক হৈছিল।

লটাৰীত মুঠ এক লাখ মার্কিন ডলাৰ অর্থাৎ ভাৰতীয় মূল্যত প্রায় ৭৪ লাখ টকা লাভ কৰিলে এইজন যুৱকে। ইয়াৰ পূৰ্বেও বহুবাৰ উইলিয়ামে লটাৰীৰ টিকট কাটিছিল।

কিন্তু কেতিয়াও পুৰস্কাৰ লাভ কৰা নাছিল। কিন্তু এইবাব একেলগে ২০টা টিকটত এক লাখ ডলাৰ লাভ কৰিলে। ইমানদিনে ঘৰৰ কাষৰ বিপণীৰ পৰা উইলিয়ামে লটাৰী টিকট ক্রয় কৰিছিল, কিন্তু এইবাৰ বিপণীৰ পৰিৱৰ্তে তেওঁ অনলাইনত লটাৰী টিকট ক্ৰয় কৰিছিল।

প্ৰথমবাৰ অনলাইনত লটাৰী টিকট কিনিয়ে ভাগ্য সুপ্রসন্ন হ’ল উইলিয়ামৰ। অৱশ্যে এনে এক ঘটনা পূর্বেও আমেৰিকাত সংঘটিত হৈছিল। আশ্চর্যজনকভাবে ভার্জিনিয়াৰে নিবাসী আন এজন ব্যক্তিয়ে কিছু বছৰ পূৰ্বে এক লটাৰী খেলৰ ২৫ টা টিকট ক্রয় কৰিছিল আৰু তেৱোঁ আটাইকেইটা টিকটত পুৰস্কাৰ লাভ কৰি সকলোকে চমকিত কৰিছিল।

Exit mobile version