অৰুণাচলত কাম কৰিবলৈ গৈ আবদ্ধ হৈ পৰা কলগাছিয়াৰ ছজন শ্ৰমিক উদ্ধাৰ

অৰুণাচলত কাম কৰিবলৈ গৈ চাৰি মাহ আবদ্ধ হৈ পৰে কলগাছিয়াৰ তাপেশ্বৰা গাঁৱৰ ছজন শ্ৰমিক । অৰুণাচল প্ৰদেশৰ ইটানগৰত কাম কৰিবলৈ গৈছিল শ্ৰমিক কেইজন । কামৰ ধন বিচৰাত দুদিন পৰ্যন্ত হাবিৰ মাজত বান্ধি শাৰীৰিক প্ৰহাৰ কৰাৰ অভিযোগ অৰুণাচলৰ মালিকৰ বিৰুদ্ধে । কলগাছিয়া আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হৈছে শ্ৰমিক কেইজন ।

অভিযোগ অনুসৰি, অধিক ধন দিয়াৰ প্ৰলোভন দি শ্ৰমিক কেইজনক কামত নিয়োজিত কৰি ইটানগৰৰ মালিকে শ্ৰমিক কেইজনৰ ঘৰৰ লগত ফোনৰ যোগাযোগ বন্ধ কৰি দি পুৱা সাত বজাৰ পৰা নিশা সাত বজালৈ কাম কৰায় আৰু বিনা কাৰণত শাৰীৰিক প্ৰহাৰ কৰে । মিস্ত্ৰী যোগালী মিলি ছজন শ্ৰমিকে প্ৰায় তিনি লাখ টকা পাবলগীয়া হয় কামৰ মালিকৰ পৰা । ঘৰত টকা পঠাবলৈ মালিকৰ পৰা কামৰ টকা বিচৰাত মালিকে এজন শ্ৰমিকক জংঘলৰ মাজত দুদিন পৰ্যন্ত বান্ধি থোৱাৰ এক অমানুষিক ঘটনাৰ বৰ্ণনা কৰিছে ভোক্তভোগী শ্ৰমিকে ।

পাছত, পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষীক অৱগত কৰাত কলগাছিয়া আৰক্ষীৰ তৎপৰতাত আজি শ্ৰমিক কেইজন উদ্ধাৰ হৈছে । এই ক্ষেত্ৰত কলগাছিয়া আৰক্ষীক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে ।

Exit mobile version