আমাক আমাৰ মতে কাম কৰিব দিয়ক : কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আহ্বান বিজেপিক

বিজেপিৰ সভাপতি ভবেশ কলিতাই এক ভিডিঅ’ বাৰ্তাত মন্তব্য কৰিছিল যে, মাজুলীসহ কংগ্ৰেছ বিধায়ক নেতৃত্বাধীন নিৰ্বাচনী অঞ্চলত অতিৰিক্ত উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব । এই বাৰ্তাৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিক আহ্বান জনায়, “আমাৰ দলটোক আমাৰ মতে চলিবলৈ দিয়ক । আমাৰ দলৰ ভিতৰুৱা কথাত মাত নামাতিব ।”

তেওঁ লগতে কয়, ‘ৰাজ্যখনত এতিয়াও বহু সমস্যা অসমাধিত হৈ আছে । অভাৱনীয় মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰিছে ।’

বিজেপিক কটাক্ষ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনে কয়, ‘চৰকাৰে পাঁচ হেজাৰ কোটিতকৈ অধিক লোণ লৈ কৰ্মচাৰীক দৰমহা দি আছে । তেনে সময়ত অলাগতীয়াল কথাত গুৰুত্ব নিদি নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰাত গুৰুত্ব দিব লাগে । নিবনুৱা সমস্যা সমাধানত গুৰুত্ব দিব লাগে, ব্ৰহ্মপুত্ৰ খানি দুয়োপাৰে হাইৱে নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে, মাজুলীৰ দলংখনৰ কাম আৰম্ভ কৰিব লাগে ।’

Exit mobile version