উচ্চ ৰক্তচাপৰ পৰা নিজকে মুক্তি কৰিব কেনেকৈ

052418 AC BP feat

★ দুশ্চিন্তা মুক্ত জীৱন-যাপন কৰিলে অতিৰিক্ত মানসিক হেঁচাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি। যিমানেই মানসিক অস্থিৰতাৰ হেতুকে কোনো কামেই স্বাভাৱিকভাৱে কৰিব নোৱাৰি। যেতিয়া সময়ত শেষ কৰিবলগীয়া কামখিনি সময়মতে কৰিব নোৱাৰে তেতিয়া চাপ বৃদ্ধি পায়। এনেদৰে সদায় অতিৰিক্তভাৱে কামৰ হেঁচা ল’বলগীয়া হ’লে ৰক্তচাপ বৃদ্ধি পাব। উচ্চ ৰক্তচাপৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে প্ৰথমতে দুশ্চিন্তাবোৰৰ পৰা মুক্ত হ’বই লাগিব। অৱশ্যে এইখিনিতে উল্লেখ কৰিব খুজিছো যে দৈনন্দিন জীৱন-যাপনত কোনো ব্যক্তিয়ে নিজকে সম্পূৰ্ণৰূপে চাপমুক্ত কৰি ৰখাটো সম্ভৱ নহয়। সেই বাবে অতিৰিক্ত চাপৰ বোজাহে পাতলোৱাৰ ওপৰতহে গুৰুত্ব প্রদান কৰা উচিত।

★ অতিৰিক্ত চাপৰ পৰা মুক্তি লাভ কৰিবলৈ প্রত্যেকে এখন দৈনন্দিন কর্ম তালিকা প্রস্তুত কৰিব লাগে। যিবোৰ কাম খুব জৰুৰী সেইবোৰ প্ৰথমতে সম্পাদন কৰাৰ বাবে চেষ্টা কৰা উচিত।

★ দিনটোৰ সকলো সময়তে কাম কৰি থাকিলেও এনে সমস্যাৰ পৰা হাত সাৰিবলৈ নিৰ্দিষ্ট সময়ৰ অন্তৰত জিৰণি লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। নির্দিষ্ট সময়ৰ অন্তৰালত জিৰণি গ্রহণ কৰিলে শৰীৰৰ অংগ-প্রত্যংগসমূহে আৰাম অনুভৱ কৰে আৰু সতেজ হ’বলৈ সুযোগ পায় ।

★নির্দিষ্ট সময়ত টোপনি যোৱা আৰু সময়মতে বিছনাৰ পৰা উঠি অহাৰ স’তেও স্বাস্থ্য ৰক্ষা বিষয়টো জড়িত হৈ থাকে। যদিহে টোপনি ভাল নহয় তেতিয়া স্নায়ুতন্ত্রই স্বাভাৱিকভাৱে কার্য সম্পাদন কৰিব নোৱাৰে। আমাৰ সকলোবোৰ কাৰ্য নিয়ন্ত্রিত হয়। শৈশৱৰে পৰা ব্যায়াম কৰাৰ অভ্যাস গঢ়িব লাগে। কাৰণ নিয়মীয়াকৈ ব্যায়াম কৰিলে শৰীৰৰ অংগ-প্রত্যংগসমূহে স্বাভাৱিকভাৱে কার্য সম্পাদন কৰিব পাৰে। মাখন, পশুৰ খাদ্য আদি কম পৰিমাণে খাব লাগিব।

★নিতৌ প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত। এগৰাকী ব্যক্তিৰ বাবে কিমান পানীৰ প্ৰয়োজন সেয়া নিৰ্ভৰ কৰিব ব্যক্তিগৰাকীৰ উচ্চতা, শৰীৰৰ ওজন সর্গ আদিৰ ওপৰত। আনহাতে, কায়িক শ্ৰমৰ ওপৰতো ভালেখিনি নিৰ্ভৰ কৰে। উদাহৰণ স্বৰূপে এগৰাকী ৰদত কাম কৰা লোকৰ বাবে যিমান পানীৰ প্রয়োজন, এগৰাকী শীততাপ নিয়ন্ত্রিত ব্যক্তিৰ বাবে যিমান প্রয়োজন নহ’বও পাৰে।

★কেতিয়াও অৱসাদ গ্রস্ততাত ভুগিব নালাগে। কাৰণ অৱসাদ গ্ৰস্ততাই মানুহৰ মনত সদায় নেতিবাচক দিশটোহে উদঙাই দিয়ে। যিমানে মনটো নেতিবাচক চিন্তা-ভাবনাৰে ভাৰাক্ৰান্ত হয় সিমানেই উদ্বিগ্নতা বৃদ্ধি পায়।

★উচ্চ ৰক্তচাপত আক্রান্তসকলে কেঁচা নিমখ কম পৰিমাণে খাব লাগে। এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰাটো জৰুৰী।

★ হাই-কাজিয়া আদিৰ পৰা বিৰত থকাটোৱে মংগলজনক। কাৰণ যিমানেই উত্তেজনা বৃদ্ধি পাব যিমানেই ৰক্তচাপো বৃদ্ধি হোৱাৰ আশংকা থাকে। যিসকলে দিনটোৰ অধিকাংশ সময় হাই-কাজিয়া আদিত লিপ্ত হয় ।তেওঁলোকৰ ৰক্তচাপ তুলনামূলকভাবে বেছি। হাই-কাজিয়া হোৱা পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা থাকিলে তেনে পৰিস্থিতি উদ্ভৱ হোৱাৰ পূৰ্বে নিজে আঁতৰি অহাটো মংগলজনক।

★ শৰীৰৰ ওজন যাতে স্বাভাবিক ওজনতকৈ বৃদ্ধি নাপায় সেই বিষয়ে সতর্কতা অৱলম্বন কৰা উচিত। কাৰণ শেহতীয়াভাৱে গৱেষকসকলে এই বুলি মন্তব্য আগবঢ়াইছে যে মেদবহুল লোকৰ উচ্চৰক্ত চাপ হোৱাৰ প্ৰবণতা বেছি। মেদবহুল শিশুৰো এনে ধৰণৰ সমস্যাই সোনকালে গা কৰি উঠে।

★ডায়েবেটিছত আক্রান্তসকলে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব লাগিব। কাৰণ উচ্চৰক্তচাপ আৰু ডায়েবেটিছৰ মাজত ওতঃপ্রোত সম্পর্ক আছে। এবিধৰ প্ৰভাৱ আনবিধৰ ওপৰত পৰে।

★মাদক দ্রব্য সেৱনৰ পৰা বিৰত থাকিব লাগে। চিগাৰেট, মদ আদি সেৱনৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰিলে এনে সমস্যাৰ পৰা মুক্তি পোৱাটো অসম্ভৱ।

★ দৈনন্দিন খাদ্য তালিকাত সেউজীয়া শাক-পাচলিৰ লগতে ফলমূলো অন্তর্ভুক্ত কৰিব লাগে। কিয়নো এনে ধৰণৰ সুষম খাদ্যইহে সুস্বাস্থ্য ৰক্ষা কৰিব পাৰে। ফাষ্ট ফুড, জাংক ফুড আদি খোৱাৰ পৰা বিৰত থাকিব লাগে।

Exit mobile version