বেদখলকাৰীক উচ্ছেদ কৰাৰ ঘোষনা সন্দৰ্ভত কে’বাটাও বিস্ফোৰক মন্তব্য : আব্দুল জলিল তালুকদাৰ

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনীয়া আৰু বাঘবৰ সমষ্টিত মাটিৰ জৰীপ কৰি বেদখলকাৰীক উচ্ছেদ কৰাৰ ঘোষনা সন্দৰ্ভত কে’বাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সদস্য আব্দুল জলিল তালুকদাৰে।

ADVERTISEMENT

উচ্ছেদৰ পূৰ্বে জনীয়া আৰু বাঘবৰ সমষ্টিৰ কিমান খন গাওঁ নদীৰ গৰাখহনীয়াৰ কবলত পৰি জাঁহ গ’ল তাৰ জৰীপৰ দাবী জনাইছে। অন্যথা তেজ দিব কিন্তু উচ্ছেদ হ’বলৈ নিদিয়াৰ হুংকাৰ দিছে জলিল তালুকদাৰে।

সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ নকৰি অসম জ্বলাব বিচাৰিছে নেকি বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে তালুকদাৰে। লগতে কেৱল ধৰ্মীয় সংখ্যালঘুক লক্ষ্য নকৰি জাতি ধৰ্ম নিৰ্বিশেষে ১২৬ টা সমষ্টিৰ সকলো বেদখলকাৰীক উচ্ছেদ কৰিবলৈ আহ্বান জনাইছে।

আগন্তুক ২৬ জানুৱাৰীৰ আগতেই পূৰ্বে প্ৰস্তাৱিত জনীয়াত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিবলৈ তেওঁ আহ্বান জনায়। অন্যথা জনীয়াবাসী ৰাইজে ২০২২ বৰ্ষৰ গণৰাজ্য দিৱস বৰ্জন কৰাৰো হুংকাৰ প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছৰ নেতা আব্দুল জলিল তালুকদাৰে।

Exit mobile version