শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অষ্টবিংশতিতম কেন্দ্ৰীয় যুৱ আৰু আই-মাতৃ সমাৰোহ

শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমীয়া জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে আধ্যাত্মিক-সাংস্কৃতিক বিপ্লৱ অব্যাহত ৰাখিছে : মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

“সৰ্বগুণাকৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ । শ্ৰীমন্ত শংকৰদেৱক কোনো ব্যক্তিৰ স’তে তুলনা কৰিব নোৱাৰি । শ্ৰীমন্ত শংকৰদেৱৰ দৰে বিশাল ব্যক্তিত্ব, প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ বিশ্বত দ্বিতীয়গৰাকীৰ জন্ম হোৱা নাই । কিন্তু অসমীয়া নৱ প্ৰজন্মৰ কিমানজনৰ শ্ৰীমন্ত শংকৰদেৱৰ সৰ্বগুণাকৰবোৰ জ্ঞাত । শ্ৰীমন্ত শংকৰদেৱৰ গুণ গৰিমাবোৰ যুৱ প্ৰজন্মই সগৌৰৱেৰে উপস্থাপন কৰিব পৰা নাই । শ্ৰীমন্ত শংকৰদেৱৰ অসমত নিজকে যদি আমি অসমীয়া বুলি পৰিচয় দিওঁ, তেতিয়াহ’লে শ্ৰীমন্ত শংকৰদেৱে বৃহত্তৰ অসমীয়া সমাজলৈ আগবঢ়াই যোৱা অৱদানবোৰ জানিব লাগিব, হৃদয়ংগম কৰিব লাগিব । শ্ৰীমন্ত শংকৰদেৱক যদি আমি বিশ্বশ্ৰেষ্ঠ মহাপুৰুষ বুলি গৌৰৱেৰে ক’ব নোৱাৰো, তেতিয়াহ’লে আমি স্বাভিমানী অসমীয়া বুলিও ক’ব নোৱাৰো । কাৰণ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিটোক সকলো দি গৈছে, সৰ্বোচ্চ দি গৈছে।” এইদৰে স্বাভিমানী অসমীয়াৰ ৰূপত বক্তব্য প্ৰদান কৰে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ।

আজি ভৱানীপুৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অষ্টবিংশতিতম কেন্দ্ৰীয় যুৱ আৰু আই-মাতৃ সমাৰোহৰ মুকলি সভাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে মন্ত্ৰী দাসে । মন্ত্ৰী দাসে তেওঁৰ ভাষণত কয়, “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিকতাবোৰ হ’ল মানুহৰ শাৰিৰীক, মানসিক সৱলীকৰণ তথা উত্তৰণৰ অন্য এক ঔষধ । শ্ৰীমন্ত শংকৰদেৱ আছিল এগৰাকী পৰিৱেশ বিজ্ঞানী । ছশ বছৰ পূৰ্বেই তেওঁ সমাজত পৰিৱেশ বিজ্ঞানৰ সূচনা কৰি পৰিৱেশ বিজ্ঞানীৰূপে পৰিচয় দিছিল ।”

মন্ত্ৰী দাসে উদাত্তভাৱে গৌৰৱেৰে কয়, “শ্ৰীমন্ত শংকৰদেৱ সংঘ নহ’লে অসমীয়াই শ্ৰীমন্ত শংকৰদেৱক কেতিয়াবাই পাহৰি গ’লহেতেন । শ্ৰীমন্ত শংকৰদেৱ সংঘই শ্ৰীমন্ত শংকৰদেৱক আৰু তেওঁৰ সৃষ্টিৰাজিক বিশ্বৰ প্ৰান্তে প্ৰান্তে প্ৰতিষ্ঠা কৰিব পাৰিব । শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে আধ্যাত্মিক, সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিছে । এই বিপ্লৱ অব্যাহত ৰাখিছে ।”

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সন্মানীয় অতিথিৰ ভাষণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকাই তেওঁৰ ভাষণত কয়, “অসমীয়া জাতিৰ শেষ ভৰসাৰ স্থলী শ্ৰীমন্ত শংকৰদেৱ সংঘ । শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে দায়িত্ব বহন কৰিব লাগিব । কাৰণ আজিৰ সময়ছোৱাত অসমীয়া জাতিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আধ্যাত্মিকতাৰে সমাজ সংস্কাৰৰ বাবে গঢ়ি তোলা বিপ্লৱক বিশ্বাস কৰে । বাকী কোনো দল, জাতীয়তাবাদী সংগঠণে কৰা বিপ্লৱক অসমী‌য়াই বিশ্বাস নকৰে ।”

সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° জগত চন্দ্ৰ কলিতা, মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী স্বৰ্ণলতা সাউদ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ সাংস্কৃতিক শাখাৰ উপ সচিব কৃষ্ণ কিংকৰ খাটনিয়াৰে । সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই সন্মানীয় অতিথিৰূপে ভাষণ দিয়াৰ লগতে সংঘৰ উপ পদাধিকাৰ বসুন্ধৰ ডেকা, সৰুপেটাৰ বিএইছবি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাস, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি মৃণাল কুমাৰ বৰুৱা, হৰেন্দ্ৰ বৰা আদিয়ে অতিথিৰূপে ভাষণ দিয়ে । আৰম্ভণিতে সভাৰ উদ্বোধনী ভাষণ দিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ।

উল্লেখ্য যে আজি পুৱাৰ ভাগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকা উত্তোলন কৰে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ আৰু উপ পদাধিকাৰ বসুন্ধৰ ডেকাই । ইয়াৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অগণন ভক্তই হৰিনাম কীৰ্তনেৰে ভৱানীপুৰ অঞ্চলত ভাগৱত লৈ শোভাযাত্ৰা কৰে ।

আনহাতে, কালিৰে পৰা দুদিনীয়াকৈ ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অষ্টবিংশতিতম কেন্দ্ৰীয় যুৱ আৰু আই মাতৃ সমাৰোহত কালি স্মৃতিগ্ৰন্থ উন্মোচন কৰে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাই । বিভিন্ন গ্ৰন্থ উন্মোচনৰ লগতে সাংস্কৃতিক কাৰ্যক্ৰমণিকা ৰূপায়ণ কৰা হয় ।‌

উল্লেখ্য যে দুয়োটা দিনতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহু সংখ্যক ভক্ত তথা শিল্পীয়ে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট অনুপম তথা চিৰ সুন্দৰৰ সংস্কৃতিৰ ৰূপৰেখাবোৰ পৰিবেশণত অন্য এক মনোমোহা পৰিৱেশৰ সৃষ্টি হয় ভৱানীপুৰত । আজি সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ শৰণ সদস্য দীনেশ চন্দ্ৰ পাটগিৰিয়ে বন্তি প্ৰজ্বলন কৰাৰ লগে লগে দুদিনীয়া সমাৰোহৰ সামৰণি পৰে ।

Exit mobile version