Rajkummar-Patralekha Marriage : নৱেম্বৰত বিবাহপাশত আবদ্ধ হ’ব ৰাজকুমাৰ-পত্রলেখা

jpg 2

বলিউডত (Bollywood) বিয়াৰ জোৱাৰ । চলিত বৰ্ষতে বিবাহপাশত আবদ্ধ হ’ব কেটৰিনা কাঈফ (Katrina Kaif) আৰু বিকি কৌশল (Vicky Kaushal) । আলিয়া ভট্ট (Alia Bhatt) আৰু ৰণবীৰ কাপুৰেও (Ranbir Kapoor) শীঘ্ৰে বিবাহৰ বান্ধোনত বান্ধ খাব বুলি শোনিবলৈ পোৱা গৈছে । এই দুই যুগলক লৈ জল্পনাৰ অন্ত নাই অনুৰাগীসকলৰ । তেনে সময়তে বিয়াৰ তাৰিখ ঘোষণা কৰিছে ৰাজকুমাৰ ৰাৱে (Rajkummar Rao) । অভিনেতাজনে তেওঁৰ দীর্ঘদিনৰ বান্ধৱী পত্রলেখাৰ (Patralekha) স’তে বিবাহত বহিব ।

১০ৰ পৰা ১২ নৱেম্বৰ তিনিদিন বিয়াৰ অনুষ্ঠান চলিব ৰাজকুমাৰ ৰাও আৰু পত্রলেখাৰ । ইতিমধ্যে বন্ধুসকলক দিয়া হৈছে বিয়াৰ নিমন্ত্রণ । সম্পূৰ্ণ পৰম্পৰাগত নিয়মত বিয়া কৰাব তেওঁলোকে । সূত্রৰ খবৰ, বিকি কেটৰিনাৰ দৰেই ৰাজস্থানত বিয়া কৰাব ৰাজকুমায আৰু পত্রলেখাই । গুলপীয়া চহৰ জয়পুৰত (Jaipur) সাত পাকত বান্ধ খাব তেওঁলোক । ইতিমধ্যে বিবাহৰ প্ৰস্তুতি আৰম্ভ হৈছে । আত্মীয় স্বজন আৰু ঘনিষ্ঠ বন্ধুসকলকেই বিয়াত আমন্ত্রণ জনাইছে তেওঁলোকে ।

বিগত আঠ বছৰ ধৰি সম্পর্কত আছে ৰাজকুমাৰ ৰাও আৰু পত্রলেখা । ‘এছএছডি’, ‘চিটি লাইটছ’ ছবিত একেলগে অভিনয় কৰিছিল তেওঁলোকে । ‘লাভ ছেক্স অউৰ ধোকা’ ছবিৰ ছেটতেই প্রথমবাৰ ৰাজকুমাৰৰ স’তে পৰিচয় হৈছিল পত্রলেখাৰ । আনহাতে, ৰাজকুমাৰে এক সাক্ষাৎকাৰত কৈছিল, ছেটত দেখাৰ আগতেই এটা বিজ্ঞাপনত পত্রলেখাক দেখি পছন্দ হৈছিল ৰাজকুমাৰৰ । তেওঁক ছেটত দেখি উৎফুল্লিত হৈ উঠিছিল । সেই শ্বুটিং ফ্ল’ৰৰ পৰাই আৰম্ভ তেওঁলোকৰ প্রেম কাহিনী । আঠ বছৰ পাছত সেই সম্পর্ককেই বিয়াৰ নাম দিব এই দুই তাৰকাই ।

Exit mobile version