বিদেশৰ পৰা সামগ্ৰী ক্ৰয়ত চীনৰ চহৰে আৰোপ কৰিলে নিষেধাজ্ঞা ,কৰ’নাৰ শংকাত বন্ধ কোৰিয়াৰ সেৱাও

6091419594973

চীনৰ চৰকাৰী সংবাদপত্র ‘গ্ল’বেল টাইমছ’ত প্রকাশিত এক বাতৰি অনুসৰি, চীনৰ সীমান্তৱর্তী চহৰ হীহেৰ প্রশাসনে বিদেশৰ পৰা সামগ্রী ক্রয়ত নিষেধাজ্ঞা আৰােপ কৰিছে।

কৰ’নাৰ নতুন সংক্রমণ প্ৰতিৰােধ কৰিবলৈ অঞ্চলৰ প্রশাসনে এই সিদ্ধান্ত লয়। হীহেৰ লগতে আন কেবাখনাে সীমান্তৱর্তী প্রদেশেও ইতিমধ্যে বিদেশৰ পৰা সা-সামগ্ৰীৰ আমদানি-ৰপ্তানি বন্ধ ৰাখিছে।

চীনত শেহতীয়াভাৱে ক’ভিড-১৯ৰ নতুন প্রজাতিৰ সংক্রমণ বৃদ্ধি পাইছে আৰু কৰ’নাৰ সংক্রমণ প্রতিৰােধৰ ক্ষেত্ৰত দেশখনৰ প্রাদেশিক প্রশাসন যথেষ্ট তৎপৰ হৈ উঠিছে।

এহুই জিলাতাে তিনিজন লােক কৰ’নাত সংক্রমিত হােৱাৰ তথ্য পােহৰলৈ অহাৰ পাছতে স্থানীয় প্রশাসনে যােৱা ২৮ অক্টোবৰৰ পৰা অঞ্চলটোত তলাবন্ধ বাহাল ৰাখিছে।

বর্তমানলৈ এইখন প্রদেশত ২০০ লােক কৰ’নাত আক্রান্ত হৈছে। কৰ’নাৰ নতুন সংক্রমণে ইতিমধ্যে ২০ খন প্রদেশৰ ৪৪ খন চহৰক প্ৰভাৱিত কৰিছে। কৰ’নাৰ সংক্রমণ প্ৰতিৰােধৰ বাবে স্থানীয় কোৰিয়াৰ প্রতিষ্ঠানসমূহকো সেৱা বন্ধ ৰাখিবলৈ প্রশাসনে নিদের্শ দিছে।

Exit mobile version