স্মাৰ্ট চিটি প্ৰকল্পত নাই ভৰলু উন্নয়নৰ আঁচনি

বাহিনী নৈ ভৰলুক ৰক্ষা কৰিবলৈ জনসচেতনতাৰ আৱশ্যক

WhatsApp Image 2021 11 09 at 8.19.23 PM

স্মাৰ্ট চিটি গুৱাহাটী প্ৰকল্পত বাহিনী নৈ ভৰলুৰ উন্নয়নৰ নামত নাই কোনো আঁচনি । এই মন্তব্য ‘ছেভ ভৰলু অভিযান’ৰ সভাপতি ৰবীন্দ্ৰনাথ মজুমদাৰৰ । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলত তেওঁ এইদৰে কয় । ভৰলু নৈক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা ‘ছেভ ভৰলু’ অভিযান সন্দৰ্ভত জানিবলৈ দি এইদৰে স্মাৰ্ট চিটি প্ৰকল্পত ভৰলুৰ বাবে একো নাই বুলি তেওঁ দুখ প্ৰকাশ কৰে ।

তেওঁ কয়, ‘আমি আলপতেহে গম পালো যে ভৰলু নৈৰ উন্নয়ৰ বাবে এই প্ৰকল্পত কোনো আঁচনি নাই । এই কথাই আমাক আঘাত দিছে ।’ মজুমদাৰে ভৰলু নৈক ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ বহু কৰণীয় আছে বুলি উল্লেখ কৰি জনসচেতনতাও সমানেই গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে । তেওঁ কয়, ‘১৯৭৫ ৰ পৰা ভৰলু নৈত জনসাধাৰণে আৱৰ্জনা পেলাবলৈ আৰম্ভ কৰিছিল । বিশেষকৈ সেই সময়ত প্লাষ্টিকৰ প্ৰচলন আৰম্ভ হৈছিল । তাৰ পাছতেই ক্ৰমান্বয়ে নৈখনৰ অৱক্ষয় হ’বলৈ ধৰে । কিন্তু আমি সকলোৱে সজাগ সচেতন হ’ব লাগিব । আৱৰ্জনা পেলোৱাৰ ফলত নৈখন জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰিছে । নৈখনক লৈ বহু পৰকল্পনা কৰিব পৰা যাব । যেনে- পৰিবহণ ব্যৱস্থা, বজাৰ ইত্যাদি । কিন্তু তাৰ বাবে প্ৰথমে আমি নৈখন ৰক্ষা কৰিব লাগিব । ইয়াক বোৱতী হৈ থাকিবলৈ দিব লাগিব ।’

তেওঁ পুনৰ কয়, ‘আমি এক অভিযান আৰম্ভ কৰিছো । ভৰলুক লৈ জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে । বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ মাজত । তাৰ বাবে আমি ইতিমধ্যে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছো । চাইকেল ৰেলী, ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছো । পৰৱৰ্তী সময়ত তৰ্ক, কুইজ ইত্যাদি অনুষ্ঠিত কৰিম । যাৰ দ্বাৰা ভৱিষ্যত প্ৰজন্ম সচেতন হ’ব ।’

উল্লেখ্য, সংবাদমেলত ‘ছেভ ভৰলু’ উদ্যোগত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হয় । ফলাফল অনুসৰি ‘ক’ শাখাত তৃষা দাসে প্ৰথম, বাস্তৱ দাসে দ্বিতীয় আৰু হিমাংশু ডেকাই তৃতীয় পুৰস্কাৰ লাভ কৰে । তেনেদৰে ‘খ’ শাখাত হিমাঞ্চি ৰাজখোৱা প্ৰথম, ঈশানীকা কাশ্যপ দ্বিতীয় আৰু আয়ুস মেধিয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে । ১৪ নৱেম্বৰত কুমাৰপাৰা নামঘৰত অনুস্থিতব্য এক অনুষ্ঠানত পুৰস্কাৰসমূহ প্ৰদান কৰা হ’ব ।

Exit mobile version