Apple1 Auction : ৪৫ বছৰ পূৰ্বে তৈয়াৰ কৰা এই কম্পিউটাৰৰ মূল্য চাৰে চাৰি কোটি টকা !

1636433027 apple1

এপলৰ প্রতিষ্ঠাপক ষ্টিভ জোবছ আৰু ষ্টিভ ওজনিয়াকে প্ৰস্তুত কৰিছিল এটা কম্পিউটাৰ । ৪৫ বছৰ আগতে তৈয়াৰ কৰা এপলৰ সেই কম্পিউটাৰ দিয়া হ’ব নিলামত । মঙলবাৰে আমেৰিকাৰ কেলিফোর্নিয়াত আয়োজিত হ’ব নিলামৰ অনুষ্ঠান । নিলামত এপলৰ সেই কম্পিউটাৰৰ মূল্য ছ লাখ আমেৰিকান ডলাৰ পৰ্যন্ত উঠাৰ সম্ভাৱনা আছে । ভাৰতীয় মুদ্রাত যি চাৰি কোটি ৪৩ লাখ টকা ।

এপল তেতিয়াও প্রযুক্তি জগতত প্ৰভাৱশালী হৈ উঠা নাছিল । ষ্টিভ জোবছ আৰু ষ্টিভ ওজনিয়াকে এপল তৈয়াৰৰ চেষ্টা চলাই আছিল । সেই সময়ত তেওঁলোকে প্রায় ২০০টা কম্পিউটাৰ তৈয়াৰ কৰে । তাৰ ভিতৰতে এটা দিয়া হ’ব নিলামত ।

ষ্টিভে তৈয়াৰ কৰা বাকী কম্পিটাৰবোৰতকৈ এইটো সামান্য বিশেষ । এই ৪৫ বছৰ পুৰণি কম্পিউটাৰটো কোৱা কাঠৰ ফ্ৰেমত ৰখা হৈছে । এই কোৱা কাঠ খুবেই মূল্যৱান। কেৱল হাৱাই দ্বীপতে এই কাঠ পোৱা যায় । সেই কাঠৰ বাকচৰ ভিতৰত থকা এপলৰ আৰম্ভণিৰ দিনৰ এই কম্পিউটাৰৰ নিলামক লৈ ইতিমধ্যে আগ্রহ দেখা গৈছে ।

Exit mobile version