দ্ৰুত সংক্ৰমণ বৃদ্ধি:পুনৰ গৃহবন্দী হ’ব পাৰে চীন

IMG

চীনত আকৌ এবাৰ ক’ভিড-১৯ৰ দ্রুত সংক্রমণ বৃদ্ধি পাইছে। ডেল্টা প্লাছ’ প্রজাতিৰ ব্যাপক সংক্রমণৰ প্রতি লক্ষ্য ৰাখি চীনত পুনৰ সর্বাত্মক তলাবন্ধ হােৱাৰ সম্ভাৱনা প্ৰকট হৈছে।

মাৰণ ভাইৰাছৰ সংক্ৰমণৰ শংকা বহন কৰিব বেইজিঙে বিচৰা নাই। ইতিমধ্যে চীনৰ একাধিক প্ৰদেশত তলাবন্ধ ঘােষণা কৰা হৈছে।

তদুপৰি সংক্রমণ চিনাক্ত হােৱা প্ৰদেশসমূহত ক’ভিডৰ পৰীক্ষণে ব্যাপক কৰি তােলা হৈছে। প্রায় দুবছৰ পূর্বে উহানৰ পৰাই বিশ্বত কভিডৰ প্ৰথম সংক্রমণ আৰম্ভ হৈছিল।

অৱশ্যে চীনে অতি কম সময়ৰ ভিতৰত কৰ’নাৰ সংক্রমণক নিয়ন্ত্রণ কৰিবলৈ সফল হৈছিল। কিন্তু শেহতীয়াভাৱে দেশখনত ৰাজধানী বেইজিঙৰ লগতে অন্যান্য প্রদেশত কৰ’নাৰ সংক্রমণ বৃদ্ধি পাবলৈ ধৰিছে।

ইতিমধ্যে প্রশাসনে একাধিক প্ৰদেশৰ বাসিন্দাক নিত্য ব্যৱহার্য সামগ্রী পর্যাপ্ত পৰিমাণত ঘৰত মজুত ৰাখিবলৈ পৰামর্শ দিছে। প্রশাসনৰ এই নির্দেশনাৰ পাছতে চীনবাসী পুনৰ গৃহবন্দী হ’ব লাগিব বুলি সন্দেহ বৃদ্ধি পাইছে।

ক’ভিডৰ সংক্ৰমণৰ প্রথম টৌ নিয়ন্ত্রণ কৰিবলৈ জি জিনপিং প্রশাসনে কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল আৰু নতুনকৈ সংক্রমণ বৃদ্ধি পােৱাৰ প্রতি লক্ষ্য ৰাখি প্রশাসনে পুনৰ কঠোৰ ক’ভিড বিধি দেশখনত প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে।

Exit mobile version