গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত যোৱা নিশা আৰক্ষী আৰু চি আৰ পি এফে ৩১ নম্বৰ (গ) ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই বিদেশী চিগাৰেট সহ ইউ পি ২২ টি/৪৬৫৫ নম্বৰৰ ট্ৰাক জব্দ কৰাৰ লগতে চালক আৰু হেন্ডিমেনক আটক কৰে ৷
ADVERTISEMENT
তথ্য অনুসৰি ধৃত চালকদ্বয় উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ জুলফিকৰ আলম(৩৯) আৰু আছিফ আলী(৩০) ।প্ৰাপ্ত তথ্য মতে, শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীৰ এটি দল আৰু চি আৰ পি এফৰ জি ১২৯ নম্বৰ বাহিনীয়ে গোপন সুত্ৰত লাভ কৰা তথ্যৰ ভিত্তিত যোৱা নিশা ১২ মান বজাত শ্ৰীৰামপুৰত ট্ৰাকখনক আটক কৰে ৷
পাছত ট্ৰাকখনত তালাচী চলাই দক্ষিণ কৰিয়াৰ ৭৫ কাৰ্টন চিগাৰেট উদ্ধাৰ কৰাৰ লগতে দুজনক আটক কৰে ৷ জব্দকৃত চিগাৰেটৰ বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।