অসমৰ আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ, ভূমি পট্টাৰ দাবীত পদযাত্ৰা কৰা ৰাজেশ মহাননক গোসাঁইগাঁৱত সম্বৰ্ধনা জ্ঞাপন

8a4e8f04 5e8e 4ca0 918c c5d00cff8db8

অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ, ভূমি পট্টাৰ লগতে অন্যান্য জলন্ত সমস্যা সমাধানৰ দাবীত ভাৰতৰ প্ৰধানমন্ত্ৰীক লিখিতভাৱে অৱগত কৰি দাবী পূৰণ কৰিবলৈ যোৱা ২৭ অক্টোবৰৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে ৰাজেশ মহানন নামৰ লোকজনে ।

আজি গোসাঁইগাঁৱত আহি উপস্থিত হোৱাৰ পাছত আদিবাসী ছাত্ৰ সংগঠন আছাই তেওঁক উষ্ম আদৰণি জনায় । গোসাঁইগাঁৱত উপস্থিত হৈ ৰাজেশ মহাননে সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে অসমৰ আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ, ভূমিৰ পট্টা প্ৰদান আৰু বিভিন্ন জলন্ত সমস্যা সমাধানৰ বাবে প্ৰধানমন্ত্ৰীক স্মাৰক পত্র প্ৰদান কৰিব ।লগতে ৰাজেশ মহাননে আৰু কয় যে আঢ়ৈ/ তিনি মাহ সময়ৰ ভিতৰত উক্ত পদযাত্ৰা কৰি তেওঁক দিল্লীত উপস্থিত হ’ব ।

Exit mobile version