আফগানিস্তান সন্দৰ্ভত বৈঠক পাকিস্তানত

1627555028 1626431379 imran taliban

আফগানিস্তান বিষয়ক পাকিস্তানৰ বিশেষ দূত মহম্মদ ছাদেক খানে বৃহস্পতিবাৰে কাবুল পৰিস্থিতি সন্দৰ্ভত ইছলামাবাদত বৈঠক আহ্বান কৰিছে । সেই বৈঠকত উপস্থিত থাকিব আফগানিস্তান সংক্রান্ত ‘ট্রইকা’ অর্থাৎ পাকিস্তান, চীন, ৰাছিয়াৰ ত্রিদেশীয় জোঁট আৰু আমেৰিকাৰ প্রতিনিধিসকল ।

ইয়াৰ উপৰি, তালিবান চৰকাৰৰ বৈদেশিক মন্ত্রী আমিৰ খান মুত্তাকিকো আমন্ত্রণ জনোৱা হৈছে । ভাৰতত বুধবাৰে আফগানিস্তান সংক্রান্তত আঠ দেশৰ বৈঠকত তালিবানৰ কোনো প্রতিনিধি নাছিল । পাকিস্তানো উপস্থিত নাছিল ।

ইছলামাবাদত উপস্থিত হোৱাৰ আগতে আমেৰিকাৰ কাবুল সংক্রান্ত বিশেষ দূত টমাছ ৱেষ্টে টুইট কৰি কয়, “ম‌ই ইউৰোপ আৰু এছিয়া ভ্ৰমণ আৰম্ভ কৰিলো । আফগানিস্তান সম্পৰ্কত আমাৰ অংশীদাৰ দেশসমূহৰ স’তে আলোচনা কৰিম । আন্তর্জাতিক সম্প্রদায়ে ফলাফল পাবলৈ একলগে কাম কৰা উচিত ।”

কূটনৈতিক সূত্রৰ বক্তব্য, আঞ্চলিক দেশসমূহে ভাৰতৰ লগতে পাকিস্তানকো যে কাবুল প্রশ্নত সম গুৰুত্ব দিয়ে সেইটো স্পষ্ট । কূটনীতি বিশেষজ্ঞসকলৰ বক্তব্য, ভাৰতৰ ভাল লাগক বা নালাগক, পাকিস্তানৰ ভৌগোলিক অৱস্থান পৰিৱৰ্তন কৰা নহ’ব । আফগানিস্তানৰ স’তে বাণিজ্য আৰু সংযোগৰ বাবে পাকিস্তান আটাইতকৈ গুৰুত্বপূর্ণ ৰাাষ্ট্র। সেয়ে আফগানিস্তানত বাণিজ্য কৰিবলৈ কেৱল চীনেই নহয়, আমেৰিকা আৰু উজবেকিস্তানে মধ্যৱর্তী চুক্তি কৰে ইছলামাবাদৰ স’তেই ।

Exit mobile version