কানাডাত প্ৰথমবাৰলৈ জলবায়ু পৰিবৰ্তনত আক্ৰান্ত বুলি অভিহিত কৰিলে বিজ্ঞানীয়ে

জলবায়ু পৰিৱৰ্তনৰ ফলত ৰোগাক্ৰান্ত মহিলা

istockphoto 1059416456 612x612 1

google

জলবায়ু পৰিৱৰ্তনৰ ফলত শ্বাস-প্রশ্বাসজনিত ৰােগত আক্রান্ত হ’ল কানাডাৰ ব্রিটিছ কলম্বিয়া প্রদেশৰ এগৰাকী মহিলা চিকিৎসক। স্বাস্থ্য বিজ্ঞানীসকলে চিকিৎসকগৰাকীৰ শ্বাস-প্রশ্বাসজনিত ৰােগৰ কাৰক হিচাপে জলবায়ু পৰিৱৰ্তনক দোষাৰােপ কৰি এই বিশ্বত জলবায়ু পৰিৱৰ্তনৰ ফলত প্রথমবাৰলৈ কোনাে ব্যক্তি প্রত্যক্ষভাৱে শ্বাস-প্রশ্বাসজনিত ৰােগত আক্রান্ত হ’ল বুলি অভিহিত কৰিছে।

শেহতীয়াভাৱে ক’টেনেজ অঞ্চলত হােৱা বনজুইৰ ঘটনাৰ পাছৰে পৰা হাঁপানী ৰােগত আক্রান্ত চিকিৎসক ৰােগীগৰাকীয়ে শ্বাস-প্রশ্বাসৰ সমস্যাত আক্রান্ত হৈছিল। কানাডাৰ পৰা প্ৰকাশিত ‘টাইমছ কল’নিষ্ট” নামৰ সংবাদপত্ৰত এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ব্রিটিছ কলম্বিয়া প্রদেশৰ ক’টেনেজ অঞ্চলত চলিত বিত্তীয় বৰ্ষত ১,৬০০ৰাে অধিক বনজুইৰ ঘটনা সংঘটিত হৈছিল।

জলবায়ু পৰিৱৰ্তনৰ ফলত এইদৰে অঞ্চলটোত সঘনে অৰণ্য অঞ্চলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ আহিছে। ক’টেনেজ লেক হাস্পতালৰ জৰুৰীকালীন বিভাগৰ মুৰব্বী ডাঃ কাইল মেৰিটে প্রকাশ কৰা অনুসৰি শেহতীয়াভাৱে উক্ত অঞ্চলত মধুমেহ, হৃদপিণ্ড বিকলৰ দৰে স্বাস্থ্যজনিত সমস্যা যথেষ্ট বৃদ্ধি পাইছে।

শ্বাস-প্রশ্বাসজনিত ৰােগত আক্রান্ত হােৱা উক্ত মহিলা চিকিৎসকগৰাকী মধুমেহ ৰােগত আক্রান্ত হােৱাৰ লগতে পূর্বে হৃদপিণ্ডৰ সমস্যাতে আক্রান্ত হৈছিল। গ্রীষ্ম প্রবাহ আৰু বায়ু প্ৰদূষণৰ দৰে প্ৰাকৃতিক ঘটনাৰ ফলতাে এই অঞ্চলৰ বাসিন্দাসকলৰ মাজত অকাল মৃত্যু আৰু জটিল ৰােগৰ প্রকোপ বৃদ্ধি পাইছে বুলি ডাঃ মেৰিটে জানিবলৈ দিয়ে।

প্রিন্স জর্জ, কামল’পছ, ভেংক’ভাৰ আৰু ভিক্টৰিয়াৰ দৰে প্রতিবেশী প্রদেশসমূহতাে এই ধৰণৰ স্বাস্থ্যজনিত সমস্যা মূলত জলবায়ু পৰিৱর্তনৰ ফলত বাঢ়িবলৈ ধৰিছে বুলি ডাঃ মেৰিটে প্রকাশ কৰিছে। যােৱা জুনৰ পৰা ব্রিটিছ কলম্বিয়াৰ লিটন অঞ্চলত গ্রীষ্ম প্ৰৱাহৰ ফলত শতাধিক লোকৰ মৃত্যু হৈছে।

যােৱা ২৯ জুনত উক্ত অঞ্চলত তাপমাত্রা সর্বকালৰ সৰ্বাধিক ৪৯.৬ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পাইছিল। ডাঃ মেৰিটে লগতে কয় যে চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত কৰ্মৰত হােৱা হেতুকে তেওঁলােকে প্রতিদিনে বহু ৰােগীক লগ পাই আহিছে, যিসকলে মূলত জলবায়ু পৰিৱর্তনৰ ফলত নানা ৰােগত আক্ৰান্ত হৈছে।

চিকিৎসকজনে লগতে কয় যে তেওঁলােকে ৰােগৰ কাৰণ নির্ণয়ত বিশেষ সময় ব্যয় কৰিব নােৱাৰে, কিয়নাে চিকিৎসক হিচাপে তেওঁলােকৰ দায়িত্ব হৈছে উপসর্গৰ প্ৰতি লক্ষ্য ৰাখি ৰােগীক সঠিক চিকিৎসা প্রদান কৰা। কিন্তু ইয়াৰ মাজতাে ৰােগীৰ স’তে হােৱা কথা-বতৰাৰ জৰিয়তে কিদৰে আৰু কেনেকৈ তেওঁ ৰােগাক্রান্ত হ’ল সেই তথ্য জনাটো সম্ভৱ হয় বুলি ডাঃ মেৰিটে মন্তব্য কৰে।

ক’ভিড-১৯ৰ দৰে অতিমাৰীৰ লগতে সাম্প্রতিক বিশ্বত গ্রীষ্ম প্রবাহ, বনজুই আৰু বায়ু প্ৰদূষণে মানৱ স্বাস্থ্যৰ প্রতি সর্বাধিক ভাবুকিৰ সৃষ্টি কৰিছে বুলিও ডাঃ মেৰিটে জানিবলৈ দিয়ে। উল্লেখ্য যে সদ্যসমাপ্ত গ্লাছগ’ৰ কপ ২৬ সন্মিলনতাে জনস্বাস্থ্য আৰু জলবায়ু সংকটৰ সম্পৰ্কৰ সন্দৰ্ভত বিশদভাৱে আলােচনা কৰা হৈছিল।

ইমানদিনে বিশ্বত প্ৰদূষণৰ ফলত লাখ লাখ লোক প্রাণহানি হৈ আহিছে যদিও এইসমূহ মৃত্যুক জলবায়ুৰ পৰিৱৰ্তনৰ ফলত হােৱা মৃত্যু বুলি বিজ্ঞানীসকলে অভিহিত কৰা নাছিল। কিন্তু এয়ে প্রথমবাৰলৈ কানাডাৰ ব্রিটিছ কলম্বিয়া প্ৰদেশৰ এগৰাকী মহিলা চিকিৎসক ৰােগত আক্রান্ত হােৱা ঘটনাক স্বাস্থ্য বিজ্ঞানীয়ে জলবায়ুৰ পৰিৱর্তনৰ ফলত হােৱা বিশ্বৰ প্ৰথমটো ৰােগ বুলি অভিহিত কৰিলে।

Exit mobile version