Kangana Ranaut : ভিক্ষাৰ স্বাধীনতা ! বিতৰ্কিত মন্তব্যৰ বাবে কংগনাৰ পদ্মশ্ৰী প্ৰত্যাহাৰৰ দাবী

me4li9ug kangana ranaut

ভাৰতৰ স্বাধীনতাক লৈ আপত্তিকৰ মন্তব্যৰ বাবে বিজেপি-ঘনিষ্ঠ অভিনেত্রী কংগনা ৰণৌতৰ পদ্মশ্রী সন্মান প্রত্যাহাৰৰ দাবী উত্থাপন । কংগ্রেছ, শিৱসেনা, এনচিপি, আম আদমি পার্টিৰ দৰে বিৰোধীসকলৰ লগতে বিজেপি-ৰ সহযোগী হিন্দুস্তান আৱাম মোর্চাইও (হাম) কংগনাৰ পদ্মশ্রী প্রত্যাহাৰৰ দাবী কৰিছে । কংগনাৰ সমালোচনা কৰিছে বিজেপি সাংসদ বৰুণ গান্ধীয়েও ।

সদ্য পদ্মশ্রী-প্রাপক কংগনাই টিভি চেনেলত দিয়া এক সাক্ষাৎকাৰত কয়, ‘‘১৯৪৭ত পোৱা স্বাধীনতা প্ৰকৃততে স্বাধীনতা নহয় । ই আছিল ভিক্ষা । স্বাধীনতাটো ২০১৪ত আহিছে ।’’ নৰেন্দ্র মোদীয়ে প্রধানমন্ত্রীত্ব প্রাপ্তিৰ বৰ্ষ হিচাপেই তেওঁ ২০১৪-ক চিহ্নিত কৰে । বিভিন্ন সময়ত বিতর্কিত মন্তব্য কৰি বাতৰিৰ শিৰোনামত আহে কংগনা । ভাৰতৰ স্বাধীনতাক লৈ তেওঁৰ মন্তব্য‌ই নতুন বিতর্কৰ সৃষ্টি কৰিছে ।

কংগনাক পদ্ম-সন্মান প্ৰদান কৰাৰ বাবে কেন্দ্রক লক্ষ্য কৰিছে কংগ্রেছ নেতা আনন্দ শর্মা‌ই । শুকুৰবাৰে তেওঁ কয়, ‘‘এনে সন্মান দিয়াৰ আগতে সংশ্লিষ্ট ব্যক্তিৰ মনস্তাত্ত্বিক মূল্যায়ন কৰা উচিত । তেওঁলোকে যাতে স্বাধীনতা সংগ্রামীসকলক অসন্মান কৰিব নোৱাৰে সেয়া নিশ্চিত কৰা প্রয়োজন ।’’

এনচিপি নেতা নবাব মালিকৰ মন্তব্য, ‘‘দেশৰ স্বাধীনতাক লৈ এনে মন্তব্য কৰাৰ আগতে কংগনাই নিশ্চয় তেওঁৰ হিমাচল প্রদেশৰ ঘৰত বহি ‘মালানা ক্রিম’ (হিমাচলৰ মালানা গাঁৱত তৈয়াৰ কৰা মাদক) সেৱন কৰিছিল ।’’

শিৱসেনাৰ তৰফৰ পৰা কংগনাৰ পদ্মশ্রী প্রত্যাহাৰৰ লগতে তেওঁৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহৰ গোচৰ দাখিলৰ দাবী কৰা হৈছে । আম আদমি পার্টিৰ মহাৰাষ্ট্র শাখাই জনাইছে, বলিউডৰ অভিনেত্রীৰ বিৰুদ্ধে তেওঁলোকে মুম্বাই আৰক্ষীক অভিযোগ দাখিল কৰিব । বিজেপি-ৰ সহযোগী ‘হাম’-ৰ সভাপতি তথা বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী জিতনৰাম মাঝিৰে কংগনাক বয়কটৰ দাবী কৰিছে শুকুৰবাৰে ।

কংগনাৰ এই আপত্তিজনক মন্তব্যৰ পাছতেই বৃহস্পতিবাৰে বিজেপি সাংসদ বৰুণ গান্ধীয়ে টুইটাৰত লিখে, ‘মহাত্মা গান্ধীৰ ত্যাগক কম কৰা, তেওঁৰ হত্যাকাৰীক শ্রদ্ধার্ঘ্য দিয়াৰ কথাটো এৰিয়ে দিলো । এইবাৰ মংগল পাণ্ডে, ৰাণী লক্ষ্মীবাঈ, ভগৎ সিং, চন্দ্রশেখৰ আজাদ, সুভাষচন্দ্র বসুসহ লক্ষ লক্ষ স্বাধীনতা সংগ্রামীক অপমান কৰা হৈছে । এই ধৰণৰ চিন্তাভাবনাক পগলামি কম নে ৰাজদ্রোহ ?’

Exit mobile version