Super Earth : সৌৰজগতৰ বাহিৰত ‘মহাপৃথিৱী’ ! যমজ গ্ৰহৰ কীৰ্তি দেখি বিস্মিত বিজ্ঞানী

HDnfG5HEHppQqEeV5jEmqP

বিশ্ব ব্ৰহ্মাণ্ডত আমাৰ সৌৰজগতৰ বাহিৰতো পৃথিৱী সদৃশ গ্ৰহ থকাৰ সন্দেহত দীৰ্ঘদিনৰ পৰাই অনুসন্ধান চলাই আছে বিজ্ঞানীসকলে । এই অণ্বেষণৰ সময়তে শেহতীয়াকৈ বিজ্ঞানীয়ে সন্ধান পাইছে এনে এক নক্ষত্ৰৰ জগতৰ, য’ত আছে দুটাকৈ ‘ছুপাৰ আৰ্থ’ বা মহাপৃথিৱী । এই আৱিষ্কাৰত স্বাভাবিকতে বিজ্ঞানীসকল উত্তেজিত হৈ পৰিছে । আশা কৰা হৈছে যে আগন্তুক দিনত গ্ৰহৰ বিৱৰ্তন আৰু বৈচিত্ৰ্যক কেন্দ্ৰ কৰি চলোৱা গৱেষণাৰ ক্ষেত্ৰত এই যমজ গ্ৰহে বিশেষ দিশৰ সন্ধান দিব পাৰিব ।

‘এষ্ট্ৰ’নমী এণ্ড এষ্ট্ৰ’ফিজি’ জাৰ্ণেলত প্ৰকাশিত এক গৱেষণা পত্ৰৰ পৰা জনা গৈছে যে এই গ্ৰহ দুটাই ‘এইছডি ৩১৬৭’ নামৰ নক্ষত্ৰক যথাক্ৰমে এক আৰু ৩০ দিনত এবাৰ প্ৰদক্ষিণ কৰিব পাৰে । এই নক্ষত্ৰজগতৰ তৃতীয়টো গ্ৰহে আঠদিনত এবাৰ নক্ষত্ৰটোক প্ৰদক্ষিণ কৰে । গ্ৰহ কেইটাৰ চৰিত্ৰৰ নানা দিশক লৈ গৱেষকসকলে অনৰ্গলভাৱে গৱেষণা চলাই আছে । গৱেষণা পত্ৰখনত জনোৱা হৈছে যে সাধাৰণতে যি নক্ষত্ৰৰ চাৰিওফালে একাধিক গ্ৰহ ঘূৰি থাকে, তাৰ ভিতৰত নেপচুনতকৈ সৰু আৰু পৃথিৱীতকৈ ডাঙৰ গ্ৰহৰ সংখ্যা বেছি । প্ৰসংগক্ৰমে, সৌৰজগতৰ বাহিৰৰ পৃথিৱীৰ তুলনাত অধিক ভৰযুক্ত, কিন্তু ইউৰেনাছ আৰু নেপচুনতকৈ লঘু গ্ৰহসমূহকেই বিজ্ঞানীসকলে ‘ছুপাৰ আৰ্থ’ বুলি কয় ।

‘এইছডি ৩১৬৭’ আৱিষ্কৃত হৈছিল ২০১৬ত । সেই সময়ত দুটা গ্ৰহ দেখা গৈছিল । সেই দুটাৰ নাম ৰখা হৈছিল ‘চি’ আৰু ‘ডি’ । তেতিয়াই বিজ্ঞানীসকলৰ দৃষ্টিগোচৰ হৈছিল গ্ৰহ দুটাৰ আৱৰ্তনৰ অদ্ভুত ভংগী । পৃথিৱী বা আমাৰ সৌৰজগতৰ আন গ্ৰহৰ দৰে নিজস্ব অক্ষত পাক ঘূৰণি খোৱাৰ পৰিৱৰ্তে মেৰুক কেন্দ্ৰ কৰি প্ৰদক্ষিণ কৰিছিল । অৱশ্যে পৰৱৰ্তী কিছু বছৰৰ গৱেষণাত আৱিষ্কাৰ হয় এই নক্ষত্ৰজগতৰ তৃতীয়টো গ্ৰহ । চিলিৰ অতিকায় টেলিস্কোপৰ সাহায্যতে সেই গ্ৰহটোৰ সন্ধান পাইছিল গৱেষকসকলে । আশ্চৰ্যকৰ কথাটো হৈছে এই গ্ৰহটোৱে কিন্তু সৌৰজগতৰ গ্ৰহসমূহৰ দৰেই ‘এইছডি ৩১৬৭’ক প্ৰদক্ষিণ কৰি আছে । ইয়াৰ নাম ৰখা হয় ‘বি’ ।

অৱশ্যে পৃথিৱীৰ এই ‘মহা’ সংস্কৰণত কিন্তু প্ৰাণৰ সম্ভাৱনাৰ ক্ষেত্ৰত বিজ্ঞানীসকলে কোনো ধৰণৰ আশা দেখা নাই । পৃথিৱীৰ পৰা ১৫০ আলোকবৰ্ষ দূৰত অৱস্থিত গ্ৰহ দুটাক পৰ্যবেক্ষণ কৰি তেওঁলোকে তাত প্ৰাণ থকাৰ কোনো চিহ্ন বিচাৰি পোৱা নাই । অৱশ্যে সৌৰজগতৰ বাহিৰত বিয়পি থকা হাতীপটীৰ অজস্ৰ নক্ষত্ৰমণ্ডলী আৰু সিবোৰৰ সদস্য গ্ৰহসমূহৰ চৰিত্ৰ বুজিবলৈ এই ধৰণৰ আৱিস্কাৰ যে অত্যন্ত গুৰুত্বপূৰ্ণ, সেই ক্ষেত্ৰত বিজ্ঞানীসকল নিশ্চিত ।

Exit mobile version