বিধানসভা নির্বাচনত ২৫২ কোটি ব্যয়

নিৰ্বাচন আয়োগক তথ্য দিলে শাসকীয় বিজেপিয়ে

Rally Bharatiya Janata Party BJP Narendra Modi India April 2019

সাম্প্ৰতিক ভাৰতৰ সবাতোকৈ বিত্তশালী ৰাজনৈতিক দল বিজেপিয়ে নিৰ্বাচনত বিপুল পৰিমাণৰ অৰ্থ ব্যয় কৰাটো অনাকাংক্ষিত নহয় যদিও মাত্ৰ পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ ব্যয় সম্প্ৰতি চৰ্চাৰ বিষয় হৈছে । কিয়নো চলিত বৰ্ষত অনুষ্ঠিত হোৱা পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ২৫২ কোটি টকা ব্যয় কৰে বিজেপিয়ে । অৱশ্যে এয়া দলে আনুষ্ঠানিকভাৱে নিৰ্বাচন আয়োগক দাখিল কৰা হিচাপ ।

ভাৰতীয় ৰাজনীতিত এই আনুষ্ঠানিক হিচাপৰ বাহিৰত প্ৰতিটো ৰাজনৈতিক দলেই অধিক অৰ্থ ব্যয় কৰাটো দীৰ্ঘদিনীয়া পৰম্পৰা । এই দিশটোলৈ লক্ষ্য কৰিলে পাঁচ ৰাজ্যত নিৰ্বাচনৰ বাবে বিজেপিৰ অৰ্থ ব্যয় বহুগুণে অধিক হ’ব বুলি বিশেষজ্ঞ মহলে ধাৰণা কৰে ।

উল্লেখ্য যে চলিত বৰ্ষত পশ্চিমবংগ, অসম, কেৰালা, তামিলনাডু, আৰু পুডুচেৰী এই পাঁচ ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হয় । ইয়াৰে ভিতৰত অসম আৰু পুডুচেৰীত ক্ষমতা হস্তগত কৰিবলৈ সক্ষম হয় বিজেপি । নিৰ্বাচন আয়োগক দেশৰ সৰ্ববৃহৎ তথা সৰ্বাধিক সম্পদশালী দল বিজেপিয়ে দাখিল কৰা হিচাপ অনুসৰি, ব্যয় কৰা ২৫২ কোটি দুই লাখ ৭১ হেজাৰ ৭৫৩ টকাৰ ৬০ শতাংশ ব্যৱহাৰ কৰা হয় পশ্চিমবংগত । মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছক ক্ষমতাৰ পৰা উৎখাতৰ বাবে এই ধন ব্যয় কৰে বিজেপিয়ে ।

পশ্চিমবংগক বাদ দি আন চাৰি ৰাজ্যৰ ভিতৰত বিজেপিয়ে অসমত ক্ষমতা ধৰি ৰখাৰ বাবে সৰ্বাধিক ব্যয় কৰে । অসমত বিজেপি চৰকাৰ থকাৰ পাছতো ইয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবে দলটোৱে ব্যয় কৰে ৪৩ কোটি ৪১ লাখ টকা । আনহাতে, পশ্চিমবংগত ব্যয় কৰে ১৫১ কোটি টকা । বাকী অসমকে ধৰি চাৰিখন ৰাজ্যৰ মুঠ ব্যয় আছিল ১০১ কোটি ।

অসমত ৪৩ কোটি ৪১ লাখ টকা ব্যয় কৰি ৬০খন আসন দখল কৰে বিজেপিয়ে । উত্তৰ-পূব ভাৰতৰ এই ৰাজ্যখনত ক্ষমতা ধৰি ৰখাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ দলৰ বাবে গুৰুত্বপূৰ্ণ আছিল । দেশৰ আন অংশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত শক্তিশালী খোপনি ৰখাটো বিজেপিৰ বাবে এক অন্যতম লক্ষ্য । ইয়াৰ বাবে অসম বিজেপিৰ বাবে অন্যতম লক্ষ্যস্থলী বুলি বিবেচিত হৈছে ।

মন কৰিবলগীয়া যে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক আয়-ব্যয়ৰ খাতিয়ান দাঙি ধৰিব লাগে । কেৰালাৰ পৰা বাওঁদলক উৎখাত কৰিবলৈ বিজেপিয়ে চেষ্টা চলাইছিল যদিও সফল নহ’ল । কেৰালাত বিজেপিয়ে ২৯ কোটি ২৪ লাখ টকা ব্যয় কৰে যদিও এখনো আসন দখল কৰিবলৈ সক্ষম নহ’ল । আনহাতে, বিগত নিৰ্বাচনত তামিলনাডুত বিজেপিয়ে মাত্ৰ ২.৯ শতাংশ ভোটহে লাভ কৰিছে । তামিলনাডুত দলে ব্যয় কৰে ২২ কোটি ৯৭ লাখ টকা । ইপিনে, পুডুচেৰীত চাৰি কোটি ৭৯ লাখ টকা ব্যয় কৰি ক্ষমতা দখলত সফল হৈছে বিজেপি ।

ইয়াৰ বিপৰীতে পশ্চিমবংগত ১৫১ কোটি টকা ব্যয় কৰিলেও তৃণমূলক ক্ষমতাচ্যুত কৰাত সফল নহ’ল । তৃতীয়বাৰৰ বাবে মমতা ক্ষমতাত অধিষ্ঠিত হয় । অৱশ্যে প্ৰথমবাৰৰ ‌বাবে ৰাজ্যখনত মূল বিৰোধী দলৰ স্থান দখল কৰিবলৈ সক্ষম হ’ল বিজেপিয়ে । কংগ্ৰেছ-বাওঁদলসমূহ যুদ্ধক্ষেত্ৰৰ পৰা একপ্ৰকাৰ অন্তৰ্ধান হৈছে ।

Exit mobile version