Bone Health: হাড়ৰ সমস্যাত ভুগিছে ? কি দৰে ল’ব হাড়ৰ যত্ন

1636728537 1636728012 012

বয়স বৃদ্ধি হোৱাৰ লগে লগে বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়ে।বহুলোকে বিশেষকৈ হাড়ৰ সমস্যাত ভোগে ।কিন্তু সাম্প্ৰতিক সময়ত যুৱ সকলৰ মাজতো এই সমস্যা দেখা গৈছে। হাড় মজবুত আৰু দৃঢ় কৰি ৰাখিবলৈ প্ৰতিদিনে খাদ্যৰ তালিকাত ৰাখিব কেলচিয়াম, ফছফৰাছ সমৃদ্ধ ফল আৰু পাচলি ।সেইসমূহ কি?

(১) কল

কল হজম ত সহায় কৰে। কল হৈছে মেগনেছিয়ামৰ অন্যতম উৎস। ইয়াত যথেষ্ট ভিটামিন থাকে। দাঁত আৰু হাড় সুস্থ ৰাখিবলৈ প্ৰতিদিনে এটা কল খাব লাগে।

(২) পালেং শাক

কেলচিয়াম সমৃদ্ধ পালেং শাকে হাড় আৰু দাঁতৰ গঠনত সহায় কৰে। পালেং শাকে শৰীৰৰ দৈনিক কেলচিয়ামৰ চাহিদাৰ ২৫% পূৰণ কৰে।ফাইবাৰ সমৃদ্ধ এই শাকত যথেষ্ট পৰিমাণে আয়ৰণ আছে ।

(৩) বাদাম

মেগনেছিয়াম, কেলচিয়াম আৰু ফছফৰাছ সমৃদ্ধ বাদাম হাড়ৰ স্বাস্থ্যৰ বাবে অতি ভাল।

(৪)দুগ্ধজাতীয় খাদ্য

দুগ্ধজাত খাদ্য যেনে গাখীৰ, দৈ, চীজ আদিত কেলচিয়াম থাকে। যিসকলৰ এই ধৰণৰ খাদ্য গ্ৰহণ কৰাত সমস্যা নাই তেওঁলোকে হাড় ভাল ৰাখিবলৈ এইসমূহ খাব পাৰে।

(৫) কমলা

কমলা শৰীৰক ভিটামিন ডি আৰু কেলচিয়াম প্ৰদান কৰে। যি হাড় মজবুত আৰু শক্তিশালী কৰে।

(৬) অমিতা

অমিতা আছে ভৰপূৰ কেলচিয়াম । ১০০ গ্ৰাম অমিতা খালে শৰীৰত ২০ গ্ৰাম কেলচিয়াম হয়।

Exit mobile version