বদহজমৰ কিছুমান বিশেষ উপসর্গ আছে। এইবােৰ উপসৰ্গৰ ভিতৰত অন্যতম হ’ল—
★আক্রান্ত লােকৰ পেটটো অনবৰতে ভৰি থকাৰ দৰে অনুভৱ হয়। একো বস্তু খাবলৈ মন নাযায়।
★পেটৰ কামােৰা হ’ব পাৰে।
★সাধাৰণতে আক্রান্ত লােকৰ জিভাত জাৰি কৰে। অর্থাৎ জিভাখনৰ ওপৰফালে বগা চামনিসদৃশ কিছুমান পদার্থ জমা হয়।
★মাজে মাজে বমি ভাব হােৱাটো আন এক লক্ষণ। শৌচ স্বাভাৱিকভাৱে নহয়। বেছিকৈ চাপ দিলেহে সামান্য পৰিমাণে শৌচ হয়।
★শাৰীৰিকভাৱে দুর্বলতা অনুভৱ কৰে।
★বুকুখন জ্বলাপােৰা কৰা বদহজমৰ আন এক লক্ষণ।
★কিছুমানৰ আকৌ মূৰৰ বিষাে হয়।
★কেতিয়াবা দীর্ঘদিন বদহজমৰ সমস্যাত আক্রান্ত হলে শৰীৰৰ ওজন হ্রাস পাব পাৰে।