ধনশিৰি মহকুমাৰ নাওঁজান কৈৰীগাঁৱত শিশু দিৱস উদযাপন

আজি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে ধনশিৰি মহকুমাৰ নাওঁজান কৈৰী গাঁৱটো নাওঁজান কৈৰী সীমান্ত ক্লাৱৰ সৌজন্যত দিনযোৰা কাৰ্যসূচীৰে সীমান্ত ক্লাৱৰ ৰঙ্গমঞ্চত শিশু দিৱস উদযাপন কৰিছে।

সীমান্ত ক্লাৱে পোন প্ৰথমে পতাকা উত্তোলন আৰু পণ্ডিত জৱাহৰলাল নেহেৰুৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে।

পৰৱৰ্তী সময়ত সীমান্ত ক্লাৱে অঞ্চলটিৰ শিশুসকলৰ শৈক্ষিক, বৌদ্ধিক বিকাশৰ হেতু পৰ্যায়ক্ৰমে চিত্ৰাংকণ প্ৰতিযোগিতা, আকস্মিক প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, দিহানাম, আৰু আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰে।

কৰ’না মহামাৰীৰ সন্ত্ৰাসৰ বাবেই তেওঁলোকে বিগত দুটি বছৰে শিশু দিৱস উদযাপন কৰিব পৰা নাছিল। বহু দিনৰ বৰতিৰ পাছত এনেদৰে শিশু দিৱস উদযাপন কৰিবলৈ পাই সীমান্ত ক্লাৱৰ সকলো সদস্যই আনন্দিত হৈ পৰে।

আজি তেওঁলোকৰ মাজত এই শিশু দিৱসত যথেষ্ট সংখ্যক অভিভাৱক তথা ছাত্ৰ=ছাত্ৰী উপস্থিত থাকি সম্পূৰ্ণ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে।

Exit mobile version